বাহুবলীৰ পিছত এক্সন ধৰ্মী কাহিনীৰে মুক্তি পালে প্ৰভাসৰ সাহু ছবিৰ টিজাৰ

বাহুবলীৰ পিছত এক্সন ধৰ্মী কাহিনীৰে মুক্তি পালে প্ৰভাসৰ সাহু ছবিৰ টিজাৰ
Published on

বাহুবলীৰ পিছত এক্সন ধৰ্মী ছবিৰে বলীউডলৈ প্ৰভাস ৷সম্প্ৰতি মুকলি হ’ল সাহুৰ টিজাৰ ৷১.৩ মিনিটৰ টিজাৰটোত আৰম্ভনি হৈছে চাইনাৰ গেটৱে অফ হেবনৰ পৰা আৰম্ভ হৈছে। য’ত সুন্দৰী শ্ৰদ্ধা আৰু প্ৰভাসক দেখিবলৈ পোৱা গৈছে ৷ টিজাৰটোত গেঙ আৰু গাড়ীৰ লগত প্ৰভাসক দেখিবলৈ পোৱা গৈছে ৷ সাহু ছবিখনত দুটা সংলাপহে শুনা গৈছে ৷

সংলাপ কেইটা শুনা গৈছে শ্ৰদ্ধা কাপুৰ আৰু প্ৰভাসৰ মুখত ৷ ডাইৰেক্টৰ সুজীতৰ সাহু ছবিখন হিন্দী,মালায়ালাম, তামিল আৰু তেলেগুত নিৰ্মাণ হ’ব। ছবিখনত জেকী শ্ৰফ,নীল নিতিন মুকেশ আৰু মুৰুলী শৰ্মাই অভিনয় কৰিছে ৷আজি মুক্তি পোৱা ছবিখনৰ টিজাৰটোৱে সম্প্ৰতি চৰ্চা লাভ কৰিছে ৷২০১৮ চনৰ প্ৰভাসৰ জন্ম দিনত ছবিখনৰ প্ৰথম টিজাৰ আহিছিল ৷

সাহুৰ কাৰণে দক্ষিণ ভাৰতৰ অভিনেতা প্ৰভাসে ওজন হ্ৰাস কৰিছিল ।যাৰ কাৰণে প্ৰভাসে জীমলৈ গৈ ওজন হ্ৰাস কৰিছিল ৷ দুবছৰৰ আগয়ে সাহু ছবিৰ দৃশ্যগ্ৰহণ কৰা হৈছিল ৷ সাহুৰ কাৰণে ৮৭-৮৮ কিলো ওজন আৱশ্যক। সাহুৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰা হৈছে ৷ কিন্তু ওজনৰ ক্ষেত্ৰত আমি কাম কৰি আছোঁ ৷অন্যহাতে,৩০০ কোটি বাজেটে নিৰ্মাণ হৈছে সাহু ৷

এই ছবিখনত প্ৰভাসৰ লগতে অভিনয় কৰিছে শ্ৰদ্ধা কাপুৰে । লগতে থাকিব নীল নীতিন মুকেশ৷এবলিন শৰ্মা,চাঙ্কী পাণ্ডে,জেকী শ্ৰফ আৰু মন্দিৰা বেদী আদি ৷ ভাৰতত সকলোতকৈ বেছি বাজেটেৰে নিৰ্মিত ছবিৰ ভিতৰত অক্ষয় কুমাৰৰ অভিনীত ২.০,থগ্ছ অফ হিন্দুস্তানৰ পিছতে তৃতীয় স্থানত আছে সাহু ।

https://www.youtube.com/watch?v=HiwFJ97qUx4

গুলছন কুমাৰ টী চীৰিজৰ আৰু ভূষন কুমাৰ,য়ুবী ক্ৰিয়েশ্যন প্ৰডাকশ্যনৰ ছবি সাহুৰ নিৰ্দেশন কৰিছে সুজীতে ৷ইফালে কিছুদিনৰ আগতে সাহুৰ দৃশ্য গ্ৰহণ স্থলীৰ পৰা এখন ফ’টো শ্বেয়াৰ কৰিছিল শ্ৰদ্ধা কাপুৰে ৷ফ’টোখনত শ্ৰদ্ধাক বিভিন্ন প্ৰকাৰৰ খাদ্য লৈ বহি থকা দেখা গৈছিল । লগতে বিভিন্ন প্ৰকাৰৰ খাদ্যসমূহ দেখি অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ অত্যন্ত উৎসাহী দেখিবলৈ পোৱা গৈছিল ৷ বিভিন্ন প্ৰকাৰৰ খাদ্য সম্ভাৰেৰে শ্ৰদ্ধাই নিজৰ ইনষ্টাগ্ৰাম একাউন্টত ফ’টোখন অনুৰাগীসকলৰ লগত শ্বেয়াৰ কৰি লিখিছিল It’s tough but we share৷

শ্ৰদ্ধাৰ ইনষ্টাগ্ৰামত পোষ্ট কৰা এই ফটোখন ভাইৰেল হৈছিল অনুৰাগীসকলৰ মাজত ৷ ইফালে,শ্ৰদ্ধা কাপুৰে শ্বেয়াৰ কৰা খাদ্য সম্ভাৰসমূহত প্ৰায় ২৩ বিধ ব্যঞ্জনৰ ভিতৰত আছিল কণীৰ কাৰী,মাংস,মিক্স ভাজি,দালিকে ধৰি বিভিন্ন ব্যঞ্জন ৷ অন্যহাতে দেখাত অত্যন্ত সোৱাদ লগা ব্যঞ্জনসমূহ দেখি ইনষ্টাগ্ৰামত বিভিন্ন কমেন্ট কৰিছিল শ্ৰদ্ধাৰ অনুৰাগীসকলে ৷খাদ্যৰ বিভিন্ন ব্যঞ্জনসমূহ দেখি এজন অনুৰাগীয়ে শ্ৰদ্ধাক কমেন্ট কৰিছিল ইমানেই যথেষ্ট নে ? আন এজন অনুৰাগীয়ে শ্ৰদ্ধাক মন্তব্য কৰিছে যদি ইমানখিনি খাদ্য খোৱা তেতিয়া শকত হৈ যাবা ৷প্ৰায় ৩০০ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ কৰা ছবিখনৰ দৃশ্য গ্ৰহণ হৈছে হাইদৰাবাদ,মুম্বাই, অবুধাবী,ডুবাই, ৰোমানিয়া আৰু ইউৰোপত ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com