Begin typing your search above and press return to search.

কবীৰ সিঙৰ সফলতাৰ পিছত পাৰিশ্ৰমিক বৃদ্ধি কৰিলে শ্বাহিদ কাপুৰে

কবীৰ সিঙৰ সফলতাৰ পিছত পাৰিশ্ৰমিক বৃদ্ধি কৰিলে শ্বাহিদ কাপুৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 July 2019 1:20 PM GMT

কবীৰ সিঙৰ সফলতাৰ পিছত শ্বাহিদ কাপুৰে নিজৰ পাৰিশ্ৰমিক বৃদ্ধি কৰিছে ৷ এই সফলতাৰ পিছত শ্বাহিদ কাপুৰে পাৰিশ্ৰমিক ৪০ কোটিলৈ বৃদ্ধি পাইছে। প্ৰথমতে পোৱা খৱৰ অনুসৰি অভিনেতাজনে পাৰিশ্ৰমিক ৩০ কোটি টকালৈ বৃদ্ধি কৰিছে বুলি তথ্য পোৱা গৈছিল ৷ ইফালে শ্বাহিদ কাপুৰে পূৰ্বে ১০ ৰ পৰা ১৫ কোটি টকা আছিল ৷ কিন্তু সম্প্ৰতি শ্বাহিদ কাপুৰে নিজৰ পাৰিশ্ৰমিক ৪০ কোটিলৈ বৃদ্ধি কৰিছে।

কিছু দিনৰ পূৰ্বে জাৰ্ছী কাৰণে শ্বাহীদ কাপুৰক যোগাযোগ কৰিছিল তেলেগু ছবিৰ নিৰ্মাতাসকলে ৷ শ্বাহিদ কাপুৰে এই ছবিখনৰ কাৰণে ৪০ কোটি টকা ৷ জৰ্ছী এজন ক্ৰিকেটাৰৰ কাহিনী ৷ যিয়ে ক্ৰিকেট দলত অন্তভূক্ত হ’বৰ কাৰণে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হয় ৷ ছবিখন হৈছে হাঁহি কান্দোন বিভিন্ন অনুভূতিৰে ভৰপূৰ ৷ গতিকে ছবিখনৰ কাৰণে যদি শ্বাহিদ কাপুৰে সন্মতি প্ৰদান কৰে তেতিয়া অভিনেতা জনৰ কাৰণে হ’ব এইখন দ্বিতীয় তেলেগু ছবি ৷

শ্বাহীদ কাপুৰৰ কবীৰ সিং মুক্তি পাইছিল ২১ জুনত ৷ এমাহতে ছবিখনে ২৭০ কোটি উপাৰ্জন কৰে ৷ইয়াৰ লগে লগে কবীৰ সিং সকলোতকৈ বেছি উপাৰ্জন কৰা ছবিৰ তালিকাত অন্তৰ্ভূক্ত হৈছে ৷ ছবিখনত শ্বাহিদ কাপুৰৰ অভিনয় সমালোচনা হৈছিল যদিও সকলোৱে শ্বাহিদ কাপুৰৰ অভিনয় প্ৰশংসা কৰে ৷ আৰু ইয়াৰ কাৰণেই শ্বাহিদ কাপুৰৰ সকলো ফালৰ পৰা ব্ৰেণ্ডসমূহৰ মূল্য বৃদ্ধি পাইছে।

শ্বাহিদ কাপুৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে কবীৰ সিঙৰ সফলতাৰ কাৰণে অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰে ৷শ্বাহিদে অনুৰাগীসকলক উদ্দেশ্য কৰি লিখে যে আপোনালোকক মোৰ ধন্যবাদ জনাবলৈ কোনো ভাষা বিছাৰি পোৱা নাই ৷কবীৰ সিঙক হৃদয়ৰ পৰা ভাল পোৱা কাৰণে,ক্ষমা কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ। আমি সকলোৱে নিজৰ ভূলৰ পৰা শিক্ষা লৈ জীৱনত আগবাঢ়ি যাব লাগে । যাতে আমি শিকিব পাৰোঁ ৷ সকলোৰে মাজত কিবা এটা কম থকাৰ দৰে কবীৰৰ মাজতো কিবা এটা কম আছিল ৷ আপোনালোকে কবীৰ সিঙক বুজি পাইছে ৷আৰু ইয়াৰ কাৰণে আপোনালোকক ধন্যবাদ। আপোনালোকে মোক উৰিবলৈ সুযোগ দিলে। লগতে অনাগত দিনত মোক আগবাঢ়ি যাবলৈও সুযোগ দিলে ৷গতিকে আপোনালোকক বাৰে বাৰে ধন্যবাদ ।

ছাহিদ কাপুৰ আৰু কিয়াৰা আডৱানীৰ অভিনীত কবীৰ সিঙে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে ৷আৰু ছবিখন শ্বাহিদ কাপুৰৰ জীৱনৰ মুক্তিৰ প্ৰথম দিনাই সকলোতকৈ অধিক উপাৰ্জন কৰা ছবি হিছাপে পৰিগণিত হৈছে ৷ ইয়াৰ পূৰ্বে ছাহিদৰ জীৱনৰ সকলোতকৈ বৃহৎ উপাৰ্জন কৰা ছবি আছিল পদ্মাৱত ৷ কাৰণ ছবিখনে মুক্তিৰ প্ৰথম দিনা উপাৰ্জন কৰিছিল ১৯ কোটি ৷ ইয়াৰ বিপৰীতে কবীৰ সিঙে হাস্য মধুৰ ছবি টোটেল ধামালৰ ৰেকৰ্ড ভাঙে ৷

অন্য খবৰৰ বাবে পঢ়ক: ২০১৯ চনৰ উপাৰ্জনৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে বলীউডৰ চৰ্চিত ছবি কবীৰ সিঙ

Next Story
চাকৰি