নাগৰিকত্ব সংশোধনী আইন‌ বাতিল নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব: আছু

নাগৰিকত্ব সংশোধনী আইন‌ বাতিল নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব: আছু

নাগৰিকত্ব সংশোধনী আইন‌ বাতিল নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব: আছু । ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে।‌ সোমবাৰে লখিমপুৰ জিলা শাখাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ধনমনি দত্তই কয় যে তেওঁলোকে অহিংসা আন্দোলন অব্যাহত ৰাখিব । যেতিয়ালৈকে বিতৰ্কিত আৰু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল নহয় তেতিয়ালৈকে এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব । চৰকাৰে আমাৰ গনতান্ত্ৰিক আন্দোলন ৰোধ কৰিব নোৱাৰে।

লগতে আছুৰ নেতা জনে হাৰমটি শাখাত হোৱা গনসত্যাগ্ৰহ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী কৰে । আঞ্চলিক কমিটি খনে কেন্দ্ৰীয় সমিতীৰ দ্বাৰা ঘোষিত ৰাজ্যব্যাপী বিৰোধৰ সমৰ্থন কৰি এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে। সংগঠনটোৱে হৰমোটী ছহিদ‌ বেদীত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আছুৰ কেন্দ্ৰীয় সমিতিৰ বিত্ত সচিব কৃষ্ণ দাস , লখিমপুৰ জিলা শাখাৰ সাধাৰণ সম্পাদক ধনমনি দত্ত , উপদেষ্টা সঞ্জিৱ কনোৱাৰ, আৰু আন বহু প্ৰমুখ ব্যক্তিয়ে অসম আৰু ৰাজ্য চৰকাৰৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰে । সংগঠনটোৱে বহু জনগনৰ লগত প্ৰতিবাদী সমদল বাহিৰ কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰে ।

আনহাতে লালুক শাখাৰ সদৌ অসম ছাত্ৰ সন্থাইও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰি লালুক তিনিআলিৰ ছহিদ বেদীত গণ সত্যাগ্ৰহ কাৰ্যসূচী‌ আয়োজন কৰে । প্ৰতিবাদ কাৰী সকলে অতি শীঘ্ৰেই নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

ঠিক একেদৰে কদম আঞ্চলিক শাখাই ও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰে। আনহাতে উত্তৰ লখিমপুৰত হোৱা প্ৰতিবাদত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী , গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্ত্তি দাহ কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে আছুৰ লখিমপুৰ জিলা শাখাই গাঁৱৰ বিভিন্ন অঞ্চলত পদযাত্ৰা , সভা আদিৰ জৰিয়তে জনসাধাৰণৰ মাজত নাগৰিকত্ব সংশোধনী আইনৰ ক্ষতিকাৰক দিশ সমূহৰ বাবে অৱগত কৰোৱাৰ বাবে সজাগতা সভাৰ আয়োজন কৰে ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Anti-CAA protests: ‘Gana Garjan Programme’ launched in Tinsukia

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com