ফেচবুকত লাইভ দি আগ্ৰাত যুৱকৰ আত্মহত্যা: কিন্তু কিয় ?

ফেচবুকত লাইভ দি আগ্ৰাত যুৱকৰ আত্মহত্যা: কিন্তু কিয় ?

ফেচবুকত লাইভ দি আগ্ৰাত যুৱকৰ আত্মহত্যা ৷ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আগৰাৰ ৰেভা গাঁৱত ৷ ২২ বছৰীয়া এজন যুৱকে ফেচবুকত লাইভ দি কৰিলে আত্মহত্যা ৷কাৰণ এটাই প্ৰেমত প্ৰত্যাখিত হ’ল যুৱক জন। যুৱকজন ভালপোৱা যুৱতীগৰাকীৰ অন্য এজন ব্যক্তিৰ লগত বিয়াৰ আয়োজন কৰে পৰিয়ালে ৷ এইটো কথাক সহিব নোৱাৰি আত্মহত্যাৰ দৰে ঘটনা সংঘটিত কৰে যুৱকজনে । ইয়াৰোপৰি যুৱক জনে আত্মহত্যা কৰাৰ পূৰ্বে চাৰি পৃষ্ঠাৰ এখন চিঠি লিখে ৷ আৰু নিজৰ পিতৃ মাতৃক এই ঘটনাৰ কাৰণে ক্ষমা খোজে ৷ লগতে যুৱকজনে আত্মহত্যাৰ পিছত নিজৰ শৰীৰৰ অংগক দান কৰাৰ সম্পৰ্কে আশা ব্যক্ত কৰে ৷

মনকৰিব লগীয়া কথা এয়ে যে যুৱকজনৰ এই পদক্ষেপক তেওঁৰ কিছু বন্ধু,বান্ধৱে লাইভ দেখিছিল ৷কাৰণ যুৱকজনে ফেছবুক লাইভ কৰিছিল ৷ আৰু বন্ধু বান্ধৱী আৰু পৰিয়ালৰ লোকসকলে যুৱকজনৰ এই পদক্ষেপৰ বিষয়ে জানিছিল৷ আৰক্ষী এক বিশেষ তথ্য অনুসৰি এই ঘটনাটো সংঘটিত হৈছিল শনিবাৰে ৷ স্থানীয় লোকে মন্দিৰৰ চৌপাশৰ ভিতৰত যুৱকজনৰ মৃতদেহ ফাঁচীত ওলমি থকা দেখিছিল ৷

চাৰি মিনিটৰ ভিডিঅ’টিত আৰক্ষীৰ কৰ্তৃপক্ষক কাৰোৰে বিৰুদ্ধে কোনো তদন্ত নকৰিবলৈ আহ্বান কৰে আত্মহত্যা কৰে যুৱকজনে ৷ লগতে যুৱকজনে পৰিয়ালৰ লোকসকলক নিজৰ ফ’টো ফেছবুক একাউন্টত দিবলৈ অনুৰোধ কৰে ৷ লগতে পত্ৰখনত যুৱকজনে লিখে যে মোৰ তাইলৈ বৰকৈ মনত পৰে ৷মই তাইৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ ৷তাই বিয়া হ’ব ৷এইটো মই সহ্য কৰিব পৰা নাই। তাইক হেৰুৱাৰ দুখে মোক বৰকৈ আমনি কৰিছে ৷যাৰ কাৰণে মোৰ চাকৰি গ’ল ৷

অজয় কৌশল নামৰ এজন শীষ বিষয়াই কয় যে স্থানীয় লোকসকলে যুৱকজনৰ শৰীৰৰ ওলমি থকা দেখিবলৈ পায় । তদন্ত কৰি জানিব পাৰিছো যে যুৱকজনৰ কোনো কৰ্মসংস্থাপন নাছিল লগতে বিষন্নতাত ভূগিছিল ৷ কাৰণ যুৱকজনে যিজনী যুৱতীক ভাল পাইছিল। তাইৰ বিয়া অন্য এজনৰ লগত আয়োজন কৰা হৈছিল ৷ আমি পষ্ট’মৰ্টেন কৰা পিছত মৃতদেহটো পৰিয়ালৰলোকক চমজাই দিছো ৷ ৷সম্প্ৰতি যুৱকজনৰ পৰিয়ালে ফেচবুক একাউন্টটো নিস্ক্ৰিয় কৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com