Begin typing your search above and press return to search.

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এআইচিটিইৰ স্বীকৃতি বাতিল

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এআইচিটিইৰ স্বীকৃতি বাতিল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 May 2019 1:39 PM GMT

অসম চৰকাৰে দাখিল কৰা গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতি এআইচিটিইয়ে বাতিল কৰিছে। এআইচিটিইয়ে স্বীকৃতি বাতিল কৰাৰ পিছত ছাত্ৰ ছাত্ৰী সকলৰ মাজত চাঞ্চ্যলৰ সৃষ্টি হৈছে ।

এআইচিটিইৰ সদস্য আলোক প্ৰকাশ মিট্টালে অসম চৰকাৰলৈ স্বীকৃতি বাতিলৰ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰ খনত মহাবিদ্যালয় খনৰ আন্ত:গাঠনি আৰু প্ৰয়োজনীয় তথ্য অসম চৰকাৰে দাখিল কৰা নাই বুলি প্ৰকাশ কৰিছে । লগতে পৰিচালক, অধক্ষ্য আৰু অন্যান্য পদৰ বাবে কোনো বিজ্ঞাপন দিয়াৰ তথ্য দাখিল কৰা নাই বুলি উল্লেখ কৰিছে । লগতে বহুকেইটা তথ্য দাখিল কৰা নাই বুলি পত্ৰত প্ৰকাশ কৰে এআইচিটিইয়ে ।মুঠ ১৭ টা নীতিৰ দোহাই দি স্বীকৃতি বাতিল কৰে মহাবিদ্যালয় খনৰ ।

ইয়াৰ সম্পৰ্কত গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত অধক্ষ্য সত্যজিৎ পলে প্ৰকাশ কৰে যে মহাবিদ্যালয় কতৃপক্ষয়ে এআইচিটিইক সকলো তথ্য প্ৰদান কৰা হৈছে । পূৰ্বতে আন্তঃগাঁথনিৰ লগতে সকলো তথ্য তিনি বাৰতকৈ দিয়া হৈছে বুলি প্ৰকাশ কৰিছে। লগতে অধক্ষ্য গৰাকীয়ে কয় যে তেওঁ লোকৰ হাতত জমা দিয়া অতিৰিক্ত কপিও আছে বুলি প্ৰকাশ কৰে আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ বাবে তেওঁ লোকে যুঁজ যি যাব বুলিও কয় ।

২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মহাবিদ্যালয় খন উদ্বোধন কৰিছিল । ২০১৮ ৰ আগষ্ট মাহতে আৰম্ভ হৈছিল প্ৰথম বৰ্ষৰ শিক্ষা। স্থায়ী অধক্ষ্য, শিক্ষকৰ আৰম্ভ কৰিছিল শিক্ষাবৰ্ষ ।

GEC

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি