AN-32 বিমান উদ্ধাৰ অভিযানৰ পৰ্যালোচনাৰ বাবে যোৰহাটত উপস্থিত মুখ্য বায়ু সেনা মাৰশ্বেল বি এচ ধানোৱা

AN-32 বিমান উদ্ধাৰ অভিযানৰ পৰ্যালোচনাৰ বাবে যোৰহাটত উপস্থিত মুখ্য বায়ু সেনা মাৰশ্বেল বি এচ ধানোৱা

সন্ধানহীন ভাৰতীয় বায়ু সেনাৰ AN-32 বিমানৰ দেওবাৰে উদ্ধাৰ অভিযান অব্যাহত আছে । ৩ জুন তাৰিখে AN-32 বিমান খন যোৰহাট বিমানবন্দৰৰ পৰা উৰা মাৰিছিল অৰুণাচল প্ৰদেশৰ মাচুকাৰ এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ডলৈ । বিমান খন সন্ধানহীন হোৱাৰ পাছতে ভাৰতীয় বায়ু সেনা বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । সন্ধানহীন হোৱাৰ পাছৰে পৰাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ভাৰতীয় বায়ু সেনায়ে ।

সোমবাৰে ৰাছিয়াৰ অৰিজিন AN-32 বিমান খনে ১২.২৭ বজাত অসমৰ যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মাচুকাৰ এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ডলৈ উৰা মাৰিছিল । কিন্তু উৰনৰ কিছু সময়ৰ পাছতে ১.৩০ বজাত বিমান খনৰ লগত যোগাযোগ বিচ্ছিন্ন হয় ।

বিমান খনৰ উদ্ধাৰ অভিযানত বিভিন্ন এজেঞ্চীৰ লগতে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ চমুকৈ ISRO য়ে উপগ্ৰহৰ জৰিয়তে অভিযান চলাই আছে । বিমান খন যোগাযোগ বিচ্ছিন্ন হোৱাৰ অঞ্চলটো গভীৰ অৰন্যৰে ভৰা । লগতে বতৰেও উদ্ধাৰ অভিযানত বিধি পথালি দিছে । ঘন ডাৱৰ আৰু বৰষুণৰ লগতে গভীৰ অৰন্যৰ বাবে উদ্ধাৰ অভিযানত সমস্যাৰ সন্মুখীন হৈছে ।ইছৰ’য়ে RISAT ৰ যোগেদি ফটো সংগ্ৰহৰ ক্ষেত্ৰত অভিযান চলাইছে । সোমবাৰে C-130 আৰু AN-32 এয়াৰ ক্ৰাফ্ট , দুখন MI-17 আৰু সেনাৰ ALH হেলিকপ্টাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল ।

ভাৰতীয় সেনাৰ গ্ৰাউণ্ড পৰ্যায়ৰ টিম, আই টি বি পি , ৰাজ্যিক আৰক্ষী আৰু স্থানীয় লোকেও পূৰ্ন পৰ্যায়ত অভিযান অব্যাহত ৰাখিছে । প্ৰতিকুল বতৰৰ বাবে উদ্ধাৰ অভিযানত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বুলি প্ৰকাশ কৰিছে । ভাৰতীয় বায়ু সেনায়ে উদ্ধাৰ অভিযানৰ বাবে অধিক লোকক নিযুক্তি দিয়াৰ লগতে হেলিকপ্টাৰ আৰু ট্ৰেনচপৰ্ট এয়াৰ ক্ৰাফ্ট ব্যবহাৰ কৰা হৈছে উদ্ধাৰ অভিযানত । এয়াৰবন ছেনচৰ আৰু উপগ্ৰহৰ যোগেদি অঞ্চল সমূহত অভিযান চলাই থকাৰ লগতে উপগ্ৰহৰ পৰা ফটো সংগ্ৰহ কৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

সন্ধানহীন বিমানখনৰ উদ্ধাৰ অভিযানৰ পৰ্যালোচনাৰ বাবে মুখ্য বায়ু সেনা মাৰশ্বেল বি এচ ধানোৱায়ে শনিবাৰে যোৰহাটত উপস্থিত হয় । বৰ্তমানলৈকে এই উদ্ধাৰ অভিযানৰ তথ্য সমূহ আৰু লাভ কৰা তথ্য সমূহৰ ওপৰত মুখ্য বায়ু সেনা মাৰশ্বেল বি এচ ধানোৱাৰে পৰ্যালোচনা কৰে । সন্ধানহীন হোৱা বিমানখনত থকা বৈমানিক সকলৰ পৰিয়ালক সাক্ষাৎ কৰে । বিমান খনত ১৩ গৰাকী যাত্ৰী আছিল ।

ভাৰতীয় নৌ সেনাৰ দীৰ্ঘম্যাদী ৰেঞ্জৰ P8i এয়াৰ ক্ৰাফ্ট আৰু ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ উপগ্ৰহৰ যোগেদিত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে সন্ধান লাভ কৰা নাই বিমান খনৰ ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com