AIUDFয়ে মুকলি কৰিলে পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰ

ৰাজ্যত অনুষ্ঠিত হব লগা আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে AIUDF য়ে। শুক্ৰবাৰে গুৱাহাটীৰ দলীয় কাৰ্য্যলয়ত নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে দলৰ কাৰ্য্যবাহী সভাপতি আদিত্য লাংথাছাই। ষোল্ল পৃষ্ঠাজোৰা নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি দলৰ কাৰ্য্যবাহী সভাপতি জনে কংগ্ৰেছ আৰু বিজেপিক চোঁকা সমালোচনা কৰে।
লাংথাছাই সাংবাদিকক সম্বোধি কয় অসমত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ এতিয়াও দুৰৰ পাহাৰত সোণৰ কণী বিছৰাৰ দৰে কথা হৈ আছে। ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ বাবে কংগ্ৰেছে কোনো কাম কৰা নাছিল আৰু বৰ্তমানৰ ৰাজ্যিক চৰকাৰখনৰো ইয়াৰ বাবে কোনো সৎভাৱ নাই। কংগ্ৰেছে পঞ্চায়তী ৰাজ ব্যৱস্থাক সদায় নিজৰ সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছিল।কংগ্ৰেছৰ দিনত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ নামত দুৰ্ণীতিৰ পাহাৰ সৃষ্টি হৈছিল কিন্তু বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনেও ভাল দিনৰ শ্লোগান দি কোনো ভাল কাম কৰিবলৈ সক্ষম হোৱা নাই। আঢ়ৈ বছৰে পঞ্চায়তৰ কাম-কাজ সমূহ স্থবিৰ হৈ পৰিছে। এনে ধৰণৰ মানসিকতাৰে ৰাজ্যৰ উন্নয়ণ সম্ভৱপৰ নহয়, সেইবাবে ৰাজ্যৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত অসমৰ জনসাধাৰণে AIUDF ৰ লগত থাকি পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰকৃত স্বপ্নক বাস্তৱ ৰূপ দিয়াৰ বাবে দলে বলে ওলাই আহিব বুলি নিৰ্বাচনী ইস্তাহাৰ মুকলিৰ ভাষণত কয় কাৰ্য্যকৰী সভাপতি জনে।