Begin typing your search above and press return to search.

 বিতৰ্কিত কেবৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছুৰ জোঁৰ সমদল

 বিতৰ্কিত কেবৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছুৰ জোঁৰ সমদল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Dec 2019 6:47 AM GMT

বিতৰ্কিত কেবৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছুৰ জোঁৰ সমদল। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে জ্বলিছে প্ৰতিবাদৰ জুই । বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিছে সমগ্ৰ জনগন। ৰবিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ঘোষনা কৰা মৰ্মে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ৩০ জনগোষ্ঠীয় সংগঠনে সমগ্ৰ ৰাজ্যত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অস্তিত্ব তথা ভাষা সংস্কৃতিত ভাবুকি কঢ়িয়াই আনিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে।

বিতৰ্কিত বিধেয়ক খন ৯ তাৰিখে লোকসভাত উত্থাপন কৰাৰ সিদ্ধান্তক লৈ শাসনাধিষ্ট দলৰ সাংসদ আৰু মন্ত্ৰী সকলৰ পুত্তালিকা দাহ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । বিতৰ্কিত বিধেয়ক বাতলিৰ দাবীত ৯ তাৰিখে চুতীয়া ছাত্ৰ সন্থাই আহ্বান কৰা অসম বন্ধ আৰু ১০ ডিচেম্বৰ তাৰিখে নেছ'ই আহ্বান কৰা উত্তৰ পূৰ্বাঞ্চলৰ বন্ধক সমৰ্থন জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

১২ ডিচেম্বৰ তাৰিখে প্ৰশাসনৰ কাম কাজ বিকল কৰাৰ অৰ্থে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে "দিছপুৰ চলো" শীৰ্ষক সমদল বাহিৰ কৰিব । তাৰ পিছতেই ১৩ ডিচেম্বৰ তাৰিখে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষতিকাৰক সম্বন্ধে গাৱে গাৱে সজাগতা সৃষ্টি কৰিবলৈ পৰিদৰ্শন কৰিব ।

সংগঠনটোৰ সাধৰণ সম্পাদক পলাশ চাংমাই কয় যে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন তীব্ৰ কৰি তোলাৰ যোজনা গ্ৰহন কৰিছে । অত্যন্ত উদ্বেগৰ বিষয় এয়ে যে বিভিন্ন সংস্থা , সাধৰণ জনতা, বিভিন্ন দল সংগঠন আদিৰ দ্বাৰা কৰা ৰাজ্যব্যাপী ক্ষোভৰ পিছতো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ে নিৰ্বিকাৰ আছে । সমগ্ৰ ৰাজ্যৰ জনসাধাৰণে বিতৰ্কিত বিধেয়কৰ বিৰুদ্ধে প্ৰতি দিনেই প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথলৈ ওলাই আহিছে।‌ এই বিধেয়ক খনৰ দ্বাৰা অসমৰ জনসাধাৰণৰ অস্তিত্ব ৰক্ষাত ব্যাঘাত জন্মাব ।

আনহাতে ৰবিবাৰে সন্ধিয়া অসম আৰু আন ৩০ জনগোষ্ঠীয় সংগঠনে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে। জোঁৰ সমদলটোল আগেৰে যোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় কলা পতাকা প্ৰদৰ্শন কৰে ।

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অবৈধ বাংলাদেশীক সুৰক্ষা প্ৰদান কৰিব বিচাৰিছে। এই বিধেয়ক খন কেতিয়াও মানি লোৱা নহয় লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি কয় দিপাংক কুমাৰ নাথে ।

অন্য খবৰৰ বাবে পঢ়ক: প্ৰতিবাদ নসাৎ কৰি আজি লোকসভাত উত্থাপন হ’ব বিতৰ্কিত বিধেয়ক কেব

ভিডিঅ প্ৰতক্ষ্য কৰক : RTI activist Dulal Bora arrested for allegedly blackmailing Motor Vehicle Inspector in Guwahati

Next Story
চাকৰি