Begin typing your search above and press return to search.

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেবৰ বিৰুদ্ধে গন বিক্ষোভ সমদল

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেবৰ বিৰুদ্ধে গন বিক্ষোভ সমদল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Nov 2019 6:36 AM GMT

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেবৰ বিৰুদ্ধে গন বিক্ষোভ সমদল । বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । কেবৰ বিৰুদ্ধে দিনে দিনে বৃদ্ধি পাইছে ৰাজ্যত প্ৰতিবাদী কাৰ্যসূচী। ২৭ তাৰিখ বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নামৰ সংগঠনটোৱে লতাশিলৰ গুৱাহাটী ক্লাৱত বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এক গন বিক্ষোভ সমদল কাৰ্যসূচী গঢ়ি তোলে । সংগঠনটোৱে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক খন অ - সাংবিধনিক বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক‌ খন‌ বাতিলৰ দাবী কৰে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শ শ প্ৰতিবাদী লোকে হাতত বেনাৰ প্লে কাৰ্ড লৈ শাসনাধিষ্ট ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ কাৰ্যসূচী উত্তাল মুখৰ কৰি তোলে। সংগঠনটোৱে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী কৰে কিয়নো নাগৰিকত্ব সংশোধনী বিধেয়ক অসংবিধানিক হোৱাৰ লগতে অ- গনতান্ত্ৰিকো হয় ।

অসম গন‌ পৰিষদৰ পদক্ষেপৰ ওপৰত হতাশা প্ৰকাশ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধৰণ সম্পাদক পলাশ চাংমাই কয় যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও কেব সমৰ্থন নকৰে কিয়নো এই বিধেয়ক খন অসমৰ জনসাধাৰণৰ বিপক্ষে আছে । তদুপৰি ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত ইয়াৰ প্ৰভাৱ অসমত বেছি পৰিব ।

লগতে তেওঁ কয় যে সকলোৱে এই বিধেয়কৰ বিৰোধিতা কৰিব লাগে কিয়নো ই অ সংবিধানিক হয় । লোক তন্ত্ৰত বিশ্বাস কৰা কোনো লোকে এই বিধেয়ক খন সমৰ্থন নকৰে । তদুপৰি অসম আৰু ত্ৰিপুৰাক বাদ দি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল কেবৰ বিৰোধিতা কৰি আছে য'ত বিৰোধী দলৰ লগতে বি জে পি‌ দলো আছে । চাংমাই কয় যে বি জে পি‌য়ে দাবী কৰিছে যে বিগত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত দলটোৱে সকলোতকৈ ভাল ভোট লাভ কৰিছে । যাৰ জৰিয়তে অসমৰ জনসাধাৰণে তেওঁলোকক কেব গৃহীত কৰাৰ প্ৰমান পত্ৰ দিছে । চাংমাই কয় যে এয়া গ্ৰহণযোগ্য নহয় কিয়নো দলটোৱে কেৱল ৩৭% ভোটহে লাভ কৰিছে ।‌ ৬৩% জনসাধাৰণ এতিয়াও ইয়াৰ বিপক্ষে আছে ।

আন্দোলনকাৰী সকলে এই বিধেয়কৰ বিৰোধিতা কৰি সংগঠনটোৰ অধ্যক্ষ ৰাণা প্ৰতাপ বৰুৱাই কয় যে সংগঠনটোৰ প্ৰত্যোকজন সদস্যই কেবৰ বিৰোধিতা কৰি বন্দুকৰ গুলি খাবলৈও সাজু আছে ।

অন্য খবৰৰ বাবে পঢ়ক: অসমৰ ৰাজ্য চৰকাৰে নিষিদ্ধ কৰিলে গোটখা ,পান মচলা ..নিষিদ্ধ হ’ল এবছৰলৈ

ভিডিঅ প্ৰতক্ষ্য কৰক: Dokmoka Mob Lynching: Abhi-Neel case awaits justice after 1 ½ years

Next Story
চাকৰি