ভুল ভুলেইয়াঁ২ ছবিত অক্ষয় কুমাৰৰ ঠাইত কাৰ্তিক আয়ানঃ উৎসুক অনুৰাগী

ভুল ভুলেইয়াঁ২ ছবিত অক্ষয় কুমাৰৰ ঠাইত কাৰ্তিক আয়ানঃ উৎসুক অনুৰাগী

ভুল ভুলেইয়াঁ২ চিকুৱেলত অক্ষয় কুমাৰক ৰিপ্লেচ কৰিব পাৰে বলীউডৰ অভিনেতা কাৰ্তিক আয়ানে ৷ বিগত বৰ্ষত মুক্তি লাভ কৰা ভৌতিক ছবি স্ত্ৰীৰ সফলতাৰ পিছত বলীউডত সম্প্ৰতি ভৌতিক ছবি নিৰ্মাণ কৰাৰ যেন প্ৰতিযোগিতা আৰম্ভ হৈছে ৷ সদ্যহতে এই ছবিখনক লৈ কোনোধৰণৰ অফিচিয়েল ঘোষণা হোৱা নাই যদিও এক বিশেষ সূত্ৰৰ মতে ছবিখনত অক্ষয় কুমাৰৰ ঠাইত কাৰ্তিক আয়ানে অভিনয় কৰিব পাৰে ৷

লগতে ছবিখনত দেখিবলৈ পোৱা যাব কিছুমান নতুন অভিনেতা অভিনেত্ৰীক ৷ ইফালে ছবিখনৰ কাহিনীৰ কাম আৰম্ভ হৈছে ৷ ভূল ভূলেইয়াঁ ছবিখনত কাৰ্তিক আয়ানে চিকিৎসকৰ ভূমিকাত অভিনয় কৰিব ৷নিৰ্মাতা সকলে নতুন চিকুৱেলত পূৰ্বৰ চৰিত্ৰসমূহক ল’ব বিচাৰা নাই ৷ গতিকে ইয়াৰ কাৰণে বহু অভিনেতা অভিনেত্ৰীৰ লগত ইতিমধ্যে মত বিনিময় কৰিছে নিৰ্মাতাসকলে৷

ছবিখনত অভিনয় কৰিব লগীয়া কাষ্ট আৰু কাহিনী সম্পূৰ্ণ হ’লেই দৃশ্য গ্ৰহণ আৰম্ভ কৰিব ৷অন্যহাতে বলীউডৰ অন্য এজন অভিনেতা আয়ুস্মান খুৰানাৰ নাম এই ছবিখনত জৰিত হৈ পৰিছে ।কিন্তু শেহতীয়া তথ্য মতে আয়ুস্মান খুৰানা ছবিখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব।

উল্লেখ্য যে ২০১৭ চনত মুক্তি প্ৰাপ্ত ছবি তথা প্ৰিয়দৰ্শনৰ নিৰ্দেশনাত নিৰ্মিত ছবি ভূলভূলেইয়াঁৰ ৰিমেকৰ খবৰে বিশেষ ভাৱে উৎসুকতা প্ৰদান কৰিছে চলচ্চিত্ৰ প্ৰেমীসকলৰ মাজত ৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি ৰিমেক কৰা ভূলভূলইয়াঁ ছবিৰ নিৰ্দেশনা কৰিব ফৰহাদ চমজিয়ে ৷ এক বিশেষ সূত্ৰ অনুসৰি পৰিচালক ভূষণেো ভুলভুলেইয়াঁ ছবিখনত ফাৰহাদ চমজিৰ লগত কাম কৰিব ৷ আজি কিছুদিনৰ পূৰ্বতে টী চিৰিজৰ দ্বাৰা ভুলভুলেইয়াঁ টু নামেৰে ছবিখনৰ নাম ওলোৱাৰ খবৰ আহিছিল ৷

ভুলভুলেইয়াঁ ছবিখন তামিল ব্লক ব্লাষ্টাৰ হিট ছবি চন্দ্ৰমুখীৰ আধাৰত নিৰ্মিত ৷ চন্দ্ৰমুখীত অভিনয় কৰিছিল দক্ষিণৰ অভিনেতা ৰজনীকান্তে ৷১৯৯৩ চনত মুক্তি প্ৰাপ্ত মালায়লম ছবি মণিচিত্ৰাথু আধাৰত নিৰ্মিত ৷ছবিখনত অভিনয় কৰিছিল মোহনলাল আৰু শোভনাই ৷ভুলভুলেইয়াঁ ছবিখনত আমেৰিকাৰ নিবাসী সিদ্ধাৰ্থ চতুৰ্বেদী আৰু অৱনীৰ ওপৰত নিৰ্মিত ৷ ছবিখনত সিদ্ধাৰ্থ চতুৰ্বেদীৰ চৰিত্ৰত অভিনয় কৰিছে চাইনী আহুজা আৰু বিদ্যা বালানে অভিনয় কৰিছে অবনীৰ চৰিত্ৰত ৷ ছবিখনত সিদ্ধাৰ্থ আৰু অৱনী পতি পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে ৷

সিদ্ধাৰ্থ আৰু অৱনীযে পিতৃৰ পুৰনি বাসগৃহত উপস্থিত হয় তেতিয়াৰ পৰা গতি পৰিৱৰ্তন হয় ছবিখনৰ ৷কাৰণ ছবিখন সিদ্ধাৰ্থ আৰু অৱনীৰ পৰিয়ালে বাস কৰা বাসগৃহটোত লাহে লাহে ভৌতিক কিছুমান ঘটনাৰ সংঘটিত হ’বলৈ ধৰে ৷ ইয়াৰ পিছতেই এই সকলো ঘটনাৰ অধ্যয়ন কৰে ছবিখনৰ এটি প্ৰধান চৰিত্ৰ আদিত্য অৰ্থাৎ অক্ষয় কুমাৰে ৷ ছবিখনত অক্ষয় কুমাৰ,চাইনী আহুজা,বিদ্যা বালানৰ উপৰিও অমিষা পেটেল,পৰেশ ৰাৱল আৰু ৰাজপাল যাদৱে অভিনয় কৰিছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com