Begin typing your search above and press return to search.

২০১৯ ৰ প্ৰক্ৰিয়াৰ আধাৰত হ’ব অসম লোকসেৱা আয়োগৰ বাচনিঃউচ্চ ন্যায়ালয়

২০১৯ ৰ প্ৰক্ৰিয়াৰ আধাৰত হ’ব অসম লোকসেৱা আয়োগৰ বাচনিঃউচ্চ ন্যায়ালয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Aug 2019 10:16 AM GMT

অসম লোকসেৱা আয়োগৰ বিভিন্ন বিতৰ্কৰ মাজতে প্ৰকাশ পায় অসম লোকসেৱা আয়োগৰ সকলো নিযুক্তি আয়োগৰ ২০১৯ চনৰ প্ৰক্ৰিয়া অনুসৰি হ’ব। অসম লোকসেৱা আয়োগৰ বিৰুদ্ধে হোৱা বিভিন্ন তৰ্ক বিতৰ্কৰ সন্দৰ্ভত গুৱাহাটীত এক সংবাদ বিজ্ঞপ্তি সম্বোধন কৰি মানস প্ৰতিম বৰুৱাই কয় যে প্ৰথমতে আমে অসম লোকসেৱা আয়োগৰ ২০১০ চনৰ নিয়ম সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিলো।

ইয়াৰ পিছত ২০১০ চনৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত যি নীতি নিয়ম আছিল সেয়া পৰিৱৰ্তন কৰি ২০১৯ চনৰ ১ এপ্ৰিলৰ পৰা প্ৰক্ৰিয়াসমূহ আৰম্ভ কৰিলে ৷অৱশ্য ২০১৯ ৰ ধাৰা ১২.২ অনুসৰি কিছু মান নীতি নিয়মৰ কথা উল্লেখ কৰে ৷

ইফালে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ সন্দৰ্ভত মানস প্ৰতিম বৰুৱাই কয় যে আসাম প্লাবিক চাৰ্ভিছে ১৯৮৯ চনৰ নীতি সংশোধন কৰিব ৷ আৰু এই নীতিয়ে অসম লোকসেৱা আয়োগৰ ২০১৯ চনৰ নীতিৰ লগত পৰিৱৰ্তন কৰিব।উল্লেখ্য যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত যথেষ্ট দুৰ্নীতি সংঘটিত হৈ আহিছে।

এপিএচচি কেলেংকাৰী গোচৰটো প্ৰায় ডেৰ বছৰ ধৰি চলি আছে ।ৰাকেশ পাল অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকা সময়ে আয়োগৰ ভিতৰচৰা এখন চাকৰিৰ বজাৰলৈ পৰ্যবসিত কৰিছিল । এপিএচচি কেলেংকাৰীৰ গোচৰত বহুতো এচিএচ আৰু এপিএচ বিষয়াক গ্ৰেপ্তাৰ কৰিছিল । ২০১৭ চনৰ পৰা ২০১৮ চনৰ ভিতৰত গ্ৰেজেটেড বিষয়াকো গ্ৰেপ্তাৰ কৰিছিল ।২০১৬ চনত ডিব্ৰুগড় আৰক্ষীয়ে উৎকুচ লোৱাৰ এক গোচৰ ৰুজু কৰিছিল । ১০ লাখ টকা উৎকুচত এপিএচচিত চাকৰি দিয়াত ইঞ্জিনিয়াৰ নবকান্ত পাটিৰৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছিল । তাৰ পিছত আৰক্ষীয়ে নবকান্ত পাটিৰক হাতে লোটে আটক কৰে । নবকান্ত পাটিৰৰ স্বীকাৰ উক্তিৰ ভিত্তিত ৰাকেশ পালক ২০১৬ চনৰ ৪ নবেম্বৰত আটক কৰে ।

অন্য খবৰৰ বাবে পঢ়ক: অসম লোকসেৱা আয়োগ কেলেংকাৰী: দোষত অভিযুক্তক সহায় কৰিবলৈ নিষেধাজ্ঞা জাৰি

ভিডিঅ প্ৰতক্ষ্য কৰক:Man-Elephant Conflict in Majuli, Many residences destroyed

Next Story
চাকৰি