Begin typing your search above and press return to search.

চলো পাল্টাই সন্দৰ্ভত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰতিক্ৰিয়া

চলো পাল্টাই সন্দৰ্ভত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Jun 2019 6:57 AM GMT

চল পাল্টাই শ্ল’গানৰ মাধ্যমেৰে অসমত বৰ্তি থকা শান্তি সম্প্ৰীতিত ক্ৰিয়া নকৰিবলৈ একাংশ বুদ্ধিজীৱিক আহ্বান কৰিছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে (All Assam Bengali Youth Students Federation) ৷ লগতে ফেডাৰেশ্যনে তথাকথিত বুদ্ধিজীৱীসকলক অসমত সম্প্ৰতি বৰ্তি থকা শান্তি বিঘ্নিত কৰা, এনে ধৰণৰ বিষয়ৰ পৰা বিৰত থাকিবলৈ কয়।

ইফালে, চলো পাল্টাই হৈছে বাঙালী ভাষাক অসমৰ ৰাজ্যিক ভাষা হিছাপে গঢ়ি তোলাৰ এক পদক্ষেপ ৷ কিন্তু, অসমৰ বিভিন্ন সংগঠনে এই পদক্ষেপক বিৰোধিতা কৰিছে ৷ আৰু ৰাজ্যৰ বিভিন্ন সংগঠনে ইয়াৰ বিৰুদ্ধে বিভিন্ন আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

অন্যহাতে, সোমবাৰে সংবাদ মাধ্যমৰ সন্মুখত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি কমল চৌধুৰী আৰু সাধাৰণ সম্পাদক অজয় ভূষণ শংকৰে কয় যে তেওঁলোকে এনে ধৰণৰ পদক্ষেপক বাস্তৱত ৰূপায়িত হ’বলৈ নিদিয়ে ৷

এনেধৰণৰ পদক্ষেপে ৰাজ্যখনৰ জনসাধাৰণৰ মাজত বৰ্তি থকা শান্তি আৰু সম্প্ৰীতিত বিঘ্নিত কৰিব৷ অসমৰ বাঙালী সমাজ সদায়ে অসমীয়া ৰাইজৰ সৈতে আছে আৰু ভৱিষ্যতেও থাকিব ৷ এই মন্তব্য কমল চৌধুৰীৰ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি