Begin typing your search above and press return to search.

সদৌ অসম ছাত্ৰ সন্থা আৰু অন্য ৩০ সংগঠনৰ এনআৰচি সন্দৰ্ভত প্ৰতিক্ৰিয়া

সদৌ অসম ছাত্ৰ সন্থা আৰু অন্য ৩০ সংগঠনৰ এনআৰচি সন্দৰ্ভত প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Aug 2019 6:32 AM GMT

সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা সংগঠনে বৃহস্পতিবাৰে ৰাজনৈতিক, সাম্প্ৰদায়িক আৰু অন্য সংগঠনৰসমূহে মানৱাধিকাৰ উলংঘন কৰা আৰু অবৈধ হিন্দু বাংলাদেশীক সংৰক্ষণ আৰু ভোট বেংকৰ পিছত থকা এজেন্দাসমূহক তীব্ৰ হুংকাৰ দিয়ে। সম্প্ৰতি চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ প্ৰাকমুহুৰ্তত আছুৱে অবৈধ হিন্দু বাংলাদেশীসকলক নিৰাপত্তা দিয়া সকলক হুংকাৰ দিছে ৷

লগতে এজনো অবৈধ বাংলাদেশীৰ নাম ৩১ আগষ্টত প্ৰকাশ পাব লগা এনআৰচিত অন্তভূক্ত নোহোৱাৰ আশা ব্যক্ত কৰিছে ৷ লগতে এই দিনটো এটা ঐতিহাসিক দিন হোৱাৰো আশা ব্যক্ত কৰিছে আছুৱে। আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে আমাৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে ন্যায়ালয়ৰ অন্তৰ্গতত এখন বাংলাদেশী মুক্ত এনআৰচি ৰাজ্য বাসীয়ে লাভ কৰিব ৷

লগতে দীপাংক কুমাৰ নাথে কয় যে ৩১ আগষ্টৰ পূৰ্বতে ৰাজনৈতিক আৰু সাম্প্ৰদায়িক এক বৰ্গই অবৈধ হিন্দু বাংলাদেশীৰ ৰক্ষা তথা নিজৰ ভোট বেংক ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰি আছে ৷আমি অবৈধ বাংলাদেশীক সুৰক্ষা দিবৰ কাৰণে মানৱাধিকাৰ উলংঘন সম্পৰ্কীয় যিকোনো বিষয় স্বীকাৰ নকৰো ৷এই মন্তব্য দীপাংক কুমাৰ নাথৰ ৷ আনহাতে চূড়ান্ত এনআৰচি প্ৰকাশৰ সময়ত সকলোৰে মাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি নাথে ৷

অন্য খবৰৰ বাবে পঢ়ক: অসমৰ বান পৰিস্থিতিক ৰাষ্ট্ৰীয় সমস্যা হিছাপে ঘোষণা কৰাৰ আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:State Agriculture Minister Atul Bora in Dhemaji

Next Story
চাকৰি