সদৌ মৰান ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ সামৰনি অনুষ্ঠান

সদৌ মৰান ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ সামৰনি অনুষ্ঠান

বৃহস্পতি বাৰে ৪ দিনীয়াকৈ অনুষ্ঠিত হোৱা ৫১ সংখ্যাক সদৌ অসম মৰান ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস আৰু মৰান জনজাতীয় সাংস্কৃতিক সমাৰোহৰ সামৰনি পৰে । কৰদৈগুৰীৰ দৰ্জীজান ৰাজহুৱা খেলপথাৰৰ শ্ৰী শ্ৰী বিষ্ণুভূজ সমন্বয় ক্ষেত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীয়ে আয়োজন কৰিছিল ।

সামৰনি অনুষ্ঠানত উপস্থিত থাকে সভাপতিৰ মুখপাত্ৰ সঞ্জিত মৰান, তালাপ-কৰদৈগুৰী আঞ্চলিক মৰান ছাত্ৰ সন্থাৰ সভাপতি, তুলেশ্বৰ চুতিয়া সদৌ মৰান কলা- সংস্কৃতি কেন্দ্ৰৰ নিৰ্দেশক উপস্থিত থাকে। উপস্থিত থাকি প্ৰকাশ কৰে যে মৰান এটা সংস্কৃতি সমৃদ্ধ জনগোষ্ঠী । গছৰ তলত বিহু মৰান সকলৰ বাবে তাৎপৰ্যপূৰ্ন ।

এই অনুষ্ঠানটো উদ্বোধন কৰে আমছুৰ সভাপতি নৱ মৰানে। লগতে উপস্থিত থাকে অসম মৰান সভাৰ সম্পাদক দুলাল মৰান , অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ সভাপতি সুৰজিৎ মৰানৰ লগতে বহুকেইজন ব্যক্তি উপস্থিত থাকে। এই সমাৰোহত বহুকেইটা প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com