ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে বিশ্বনাথত টেট উত্তীৰ্ণৰ আন্দোলন

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে বিশ্বনাথত টেট উত্তীৰ্ণৰ আন্দোলন

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে বিশ্বনাথ চাৰিআলীৰ বিভিন্ন টাইৰ টেট উত্তীৰ্ণসকলে চাকৰি নিয়মীয়াকৰণ কৰিবলৈ দাবী উত্থাপন কৰিছে ৷ বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ শিক্ষকসকলে এটি সমদল বাহিৰ কৰে ৷ সমদলৰ পিছত বিশ্বনাথৰ টেট উত্তীৰ্ণ শিক্ষকসকলে উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

উল্লেখ্য যে, টেট শিক্ষকৰ প্ৰমাণ পত্ৰক , শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বাহন চালকৰ অনুজ্ঞাপত্ৰৰ লগত তুলনা কৰাৰ পিছতেই ৰাজ্যজুৰি টেট শিক্ষকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা পৰিষদে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক উদ্দেশ্য কৰি মন্তব্য কৰে যে ৰাজ্যত শৈক্ষিক বাতাবৰণ সুনিশ্চিত কৰিবৰ কাৰণে শিক্ষামন্ত্ৰীয়ে ইতিবাচক ভূমিকা গ্ৰহণ কৰিব লাগে ৷

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা পৰিষদৰ অধ্যক্ষ জীৱন চন্দ্ৰ বৰা আৰু সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ টেট শিক্ষকসকলৰ প্ৰমাণ পত্ৰক বাহন চালকৰ অনুজ্ঞাপত্ৰৰ লগত তুলনা কৰা কথাটো সহ্য কৰা ন’হব ৷লগতে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক মন্তব্যক পুনৰ উঠাই ল’বলৈ সোঁৱৰাই দিছে শিক্ষক সন্মিলনীয়ে ৷

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ দুয়োজন নেতাৰ মন্তব্য অনুসৰি ২০১৮ বৰ্ষৰ ১৯ জুনত শিক্ষা মন্ত্ৰীৰ লগত তেওঁলোকৰ বৈঠক অনুষ্ঠিত হৈছিল। সেই সময়ত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ঠিকা ভীত্তিক শিক্ষকতা কৰি থকা শিক্ষকসকলৰ চাকৰি নিয়মিত কৰাৰ আশ্বাস প্ৰদান কৰিছিল ৷কিন্তু সেই প্ৰতিশ্ৰুতিৰ পাছত বিগত এটা বছৰে কোনো এজন শিক্ষকৰে চাকৰি নিয়মীয়াকৰণ ন’হল ৷

টেটৰ শিক্ষক সকলে ২৯ জুনত “দিছপুৰ চল” গনতান্ত্ৰীক প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ভাবুকি দিছে । যদি চৰকাৰ খনে ১০ দিনৰ ভিতৰত কোনো পদক্ষেপ গ্ৰহণ নকৰে তেনেহ’লে এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি প্ৰকাশ কৰে।পূৰ্বতেও টেটৰ শিক্ষক সকলে বহুতো স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল অসমৰ মুখ্যমন্ত্ৰীৰ লগতে শিক্ষা মন্ত্ৰীলৈ । কিন্তু চৰকাৰে কোনো ব্যবস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰে।

যদি চৰকাৰ খনে ১০ দিনৰ ভিতৰত কোনো পদক্ষেপ গ্ৰহণ নকৰে তেনেহ’লে টেটৰ শিক্ষক সকলে ২৯ জুনত “দিছপুৰ চল” গনতান্ত্ৰীক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ভাবুকি দিছে ।

২০১২ চনত টেটৰ প্ৰথম পৰীক্ষা অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সময়তে । প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত টেটৰ শিক্ষক সকলক নিযুক্তি দিয়া হৈছিল । প্ৰায় ৫২,৭৭২ প্ৰাৰ্থীয়ে টেটত উৰ্ত্তীৰ্ণ হৈছিল । সেইসময়ত বৰ্তমান স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিক্ষা মন্ত্ৰী আছিল । ২০১৫ চনত হিমন্ত বিশ্ব শৰ্মায়ে বিজেপিত যোগদান কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com