Begin typing your search above and press return to search.

আজিৰ পৰা আৰম্ভ অম্বুবাচী মেলা : উদুলি মুদুলি নীলাচলৰ বুকু

আজিৰ পৰা  আৰম্ভ অম্বুবাচী মেলা : উদুলি মুদুলি নীলাচলৰ বুকু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Jun 2019 11:36 AM GMT

আজিৰ পৰা আৰম্ভ অম্বুবাচী মেলা । অম্বুবাচী মেলাৰ বাবে ইতিমধ্যে নীলাচলৰ বুকু ভিৰ কৰিছে দেশী বিদেশী পৰ্যটকে আৰু ভক্ত সকলে । সাধু- সন্ত, ভক্তৰে ভৰি পৰিছে কামাখ্যা ধাম ।

আজি নিশা ০১:৪০:১৮ বজাত প্ৰবৃত্তি । ২৬ জুনৰ দুপৰীয়া ২:০৪:২২ বজাত নিবৃত্তি। ২৩ জুনৰ পৰা ২৫ জুনলৈ বন্ধ থাকিব মন্দিৰৰ দুৱাৰ। অম্বুবাচী মেলাৰ বাবে দেৱালয়ৰ প্ৰাংগনত ৫৮০ টা চিচিটিভি সংস্থাপন কৰা হৈছে ।

অম্বুবাচী মেলাৰ সময়ত অসমীয়া পৰম্পৰাগত কৃষিজীৱি সমাজে কেতবোৰ বিশেষ নীতি–নিয়ম পালন কৰে। জনবিশ্বাস মতে আহাৰ মাহৰ সাত তাৰিখে পৃথিৱী ঋতুমতী হয়। সেয়ে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ‘সাত’ বা ‘ষাঁঠ’ বা অম্বুবাচী বোলা হয়।‘অম্বুবাচী’ বা ‘আমতি’ হ’ল প্ৰধানকৈ আহাৰ মাহত উদযাপন কৰা অসমৰ এক ঋতুকালীন কৃষি উৎসৱ। সংস্কৃত ‘অম্বুবাচী’ শব্দৰ পৰা অসমৰ কামৰূপ জিলাত প্ৰচলিত ‘আমতী’ শব্দটো হৈছে। সংস্কৃতত ‘অম্বু’ৰ অৰ্থ পানী আৰু ‘বাচী’ৰ অৰ্থ প্ৰকাশিত বা পুষ্পিত হোৱা। অম্বুবাচীত পৃথিৱী পুষ্পিত হোৱা বুলি বিশ্বাস কৰা হয়।

কৃষিৰ কাৰণে প্ৰয়োজন উৰ্বৰতাৰ। আদিম মানৱৰ বিশ্বাসত তিৰোতাৰ জৰায়ূ আৰু মাতৃ বসুমতীৰ জৰায়ূৰ মাজত কোনো পাৰ্থক্য নাই। কৃষিজীৱি জনগণৰ কৃষিৰ প্ৰাচুৰ্য-কামনা আৰু তাৰ বাবে ভূমিৰ উৰ্বৰতা বৃদ্ধিৰ বাসনা অম্বুবাচীৰ গূঢ় উদ্দেশ্য। আমাৰ ৰাজ্যৰ অধিকাংশ লোক অতীজৰে পৰা কৃষিজীৱি, ইয়াৰ সমাজ ব্যৱস্থা পৰম্পৰাগত। পৃথিৱী বছৰত এবাৰকৈ ৰজস্বলা হয় আৰু ‘অম্বুবাচ’, ‘আমতি’ বা ‘ষাঁঠ’ হ’ল সেই ৰজস্বলাৰ কাল। আদিম কৃষিজীৱিসকলৰ বিশ্বাসত ৰজস্বলা হোৱাৰ পাছতহে তিৰোতাসকল সন্তান জন্ম দিবলৈ উপযুক্ত হোৱাৰ দৰে পৃথিৱীও অম্বুবাচীৰ পাছতহে শস্য উৎপাদনৰ বাবে উপযুক্ত হয়।

অম্বুবাচী মূলতে ঋতুকালীন উৎসৱ হ’লেও ই ক্ৰমে ক্ৰমে হিন্দু-পঞ্জিকাৰ আশ্ৰয়ী উৎসৱ হৈ পৰিছে। জ্যোতিষ শাস্ত্ৰমতে আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ তিনিপদ গ’লে চতুৰ্থ পদৰ আদ্ৰা নক্ষত্ৰৰ প্ৰথম পদৰ মধ্যত বিশ্বজননী ঋতুমতী হয়।অম্বুবাচী মেলালৈ অহা ভক্ত সকলৰ বাবে ৬ তা শিবিৰ ৰ ব্যৱস্থা কৰা হৈছে। তাৰে ৩ তা শিবিৰ থাকিব ফাঁচী বজাৰ পুৰণি জেইল চৌহদত। বাকী পাণ্ডুত এটা , গৌৰীপাৰা তৰুণ সংঘত এটা আৰু কামাখ্যা ৰ সমীপৰ নাহৰ বাৰীত এটা শিবিৰৰ ব্যবস্থা কৰা হৈছে ।৪০ হাজাৰতকৈ অধিক ভক্ত থাকিব পাৰিব উক্ত শিবিৰ কেইটাত।

২৯ টা খাদ্য ভাণ্ডাৰা আৰু ৪০ টা পানীৰ ভাণ্ডাৰা নিযুক্তি দিয়া হ’ব । ব্যক্তিগত ভাণ্ডাৰাৰ অনুমতি দিয়া হোৱা নাই। কাৰোবাৰ যদি খাদ্য বিতৰণ কৰিবলৈ ইচ্ছা থাকে তেনেহলে শিবিৰত গৈ খাদ্য বিতৰণ কৰিব পাৰিব।

কামাখ্যা মন্দিৰৰ ওপৰলৈ যোৱা মূল পথকে ধৰি অন্য তিনিটা পথ ব্যৱহাৰ কৰিবলৈ দৰ্শনাৰ্থীক আহ্বান জনাইছে ।বিভিন্ন শিবিৰত থকা ভক্ত সকলক অনা নিয়া কৰিবৰ বাবে ৮০ খন বাহন পৰিবহন নিগমৰ পৰা যোগান ধৰা হ’ব ।

মুঠ দুটা তথ্য কেন্দ্ৰ থাকিব। য’ত স্বাস্থ্য সেৱা তথা তথ্যৰ সকলো সুবিধা লাভ কৰিব পাৰিব ভক্ত সকলে। তথ্য কেন্দ্ৰ দুটা কামাখ্যা ৰেলৱে ষ্টেচন আৰু কামাখ্যালৈ উঠি যোৱা মূল দুৱাৰৰ কাষত থাকিব।বৃদ্ধ বৃদ্ধা , গৰ্ভৱতী মহিলা, কেঁচুৱা থকা মহিলা আৰু দিব্যাংগ সকলৰ বাবে ৪০ খন ফেৰী কাৰ ৰ ব্যৱস্থা কৰা হ’ব । ৰাতিপুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈকে চলিব এই ফেৰী কাৰ সমূহ।

অন্য খবৰৰ বাবে পঢ়ক:অম্বুবাচী মেলাৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে

Next Story
চাকৰি