সমাগত অম্বুবাচী মেলা : ভান্দাৰাসকলক নিৰ্দেশ উপায়ুক্তৰ

সমাগত অম্বুবাচী মেলা  : ভান্দাৰাসকলক নিৰ্দেশ উপায়ুক্তৰ

সমাগত অম্বুবাচী মেলা৷ ২২ জুনৰ পৰা ২৬ জুনলৈ হ’ব লগা অম্বুবাচী মেলাৰ প্ৰাক মুহুৰ্তত ভান্দাৰা অৰ্থাৎ ভক্তসকলক খাদ্য পৰিবেশন কৰোৱাত সহায় কৰা লোকসকলক উপায়ুক্ত বিশ্বজিৎ পেগুৱে কিছু নিৰ্দেশনা দিয়ে ৷ উপায়ুক্ত বিশ্বজিৎ পেগুৱে কিছুমান দল আৰু ভান্দাৰাক নিৰ্দেশ দিয়ে যে ভৰুলুমুখৰ পৰা কামাখ্যা মন্দিৰলৈকে আৰু কামাখ্যা গেটৰ পৰা মালিগাঁৱলৈকে কোনো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়িব নোৱাৰিব ৷

লগতে খাদ্য সুৰক্ষা বিভাগে খাদ্যসমূহৰ স্বচ্ছতাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব ৷ ইফালে প্ৰত্যেক ভান্দাৰাক খাদ্যৰ ওপৰত অত্যাধিক স্বচ্চতা বৰ্তাই ৰাখিবলৈ নিৰ্দেশ দিয়ে ৷ ইফালে খোৱা পানীৰ সন্দৰ্ভতো তীক্ষ্ণ দৃষ্টি ৰাখিব প্ৰশাসনে ৷ পাকঘৰ আৰু ভোজন গৃহ প্ৰত্যেক দিনে দুবাৰকৈ চাফা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে সকলো ভান্দ্ৰাৰক একে সময়তে খাদ্য পৰিবেশন কৰিবলৈ নিৰ্দেশ দিয়ে উপায়ুক্তই ৷

অন্যহাতে পৰিবেশন কৰিব লগীয়া খাদ্যসমূহৰ ভিতৰত আছে পটল,স্কোৱাছ,ভেণ্ডি, জিকা,বীন,চয়াবীন,মগুমাহ,পনীৰ আদি ৷ কিন্তু শুকান জলকীয়া,জলকীয়া গুৰি,ৰঙালাও,দৈ আদি কিছুমান সামগ্ৰী দিয়াত প্ৰতিবন্ধকতা আৰোপ কৰিছে উপায়ুক্তই ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com