উত্তৰ পূৰ্বাঞ্চল , জম্বু-কাশ্মীৰৰ সন্দৰ্ভত বিশদ আলোচনাত মিলিত গৃহ মন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মংগলবাৰে উত্তৰ পূৰ্বাঞ্চল আৰু জম্বু-কাশ্মীৰৰ বিষয় সমুহৰ সন্দৰ্ভত বিশদভাৱে আলোচনাত মিলিত হয়।
উচ্চতম ন্যায়ালয়ে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰা প্ৰকাশৰ দিন ধাৰ্য কৰি দিয়াৰ পাছত এই সন্দৰ্ভত আলোচনা কৰে অমিত শ্বাহে । ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পক্ৰিয়া মন্ত্ৰী সকলক বাবে এক প্ৰত্যাহ্বান । উত্তৰ পূৰ্বাঞ্চলৰ সহকাৰী সভাপতি সত্যন্দ্ৰা গাৰ্গয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক উত্তৰ পূৰ্বাঞ্চলৰ বিষয় সমূহৰ বিশদ তথ্য দাখিল কৰে।
আনহাতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে আন এখন বৈঠকত জম্বু কাশ্মীৰৰ নিৰাপত্তা আৰু উন্নয়নৰ সন্দৰ্ভত আলোচনা কৰে । চলিত বৰ্ষৰ অক্টোবৰ- নৱেম্বৰত বিধান সভা নিৰ্বাচনৰ বাবে নিৰাপত্তাৰ ক্ষেত্ৰত আলোচনা কৰে । লগতে ১ জুলাইৰ পৰা আৰম্ভ হব অমৰনাথ যাত্ৰা আৰু শেষ হব ১৫ আগষ্টত । অমৰনাথ যাত্ৰাৰ সন্দৰ্ভত আলোচনা কৰে গৃহ মন্ত্ৰী অমিত শ্বাহে ।
অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি