মোদীৰ ৮ খন কেবিনেট কমিটিত অমিত শ্বাহক অন্তভূক্ত: ২ খনত অন্তভূক্ত ৰাজনাথ সিঙক

মোদীৰ ৮ খন কেবিনেট কমিটিত অমিত শ্বাহক অন্তভূক্ত: ২ খনত অন্তভূক্ত ৰাজনাথ সিঙক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ খন কেবিনেট কমিটিতে গৃহ মন্ত্ৰী অমিত শ্বাহক অন্তভূক্ত কৰিছে । ইয়াৰ পৰিৱৰ্তে বিজেপিৰ জেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ২ কেবিনেট কমিটিত অন্তভূক্ত কৰিছে ।

মোদীৰ প্ৰথম কাৰ্যকালত ৬ খন কেবিনেট কমিটিৰ ভিতৰত ৩ খনত অন্তভূক্ত আছিল । অৰ্থনীতি মন্ত্ৰালয়, ৰাজনীতি আৰু নিৰাপত্তাৰ কেবিনেট কমিটিত অন্তভূক্ত আছিল ৰাজনাথ সিঙ।

বৰ্তমানৰ কেবিনেট কমিটিৰ ভিতৰত অৰ্থনৈতিক মন্ত্ৰালয় আৰু নিৰাপত্তা কেবিনেট কমিটিত ৰাজনাথ সিঙক অন্তভূক্ত কৰা হৈছে । ৰাজনীতি কেবিনেট কমিটিত অন্তভূক্ত কৰা নাই ৰাজনাথ সিঙক।

৮ খন কেবিনেট কমিটিৰ ভিতৰত দুখন নতুন কৈ অন্তভূক্ত কৰা হৈছে। বিনিয়োগ আৰু দক্ষতা ক্ষেত্ৰত দুখন কেবিনেট কমিটি গঠন কৰা হৈছে ।

নতুন কেবিনেট কমিটিৰ ভিতৰত ৬ খনত প্ৰধানমন্ত্ৰী অন্তভুৰ্ক্ত থকাৰ বিপৰিতে গৃহ মন্ত্ৰী অমিত শ্বাহ ৮ খন কেবিনেটতে অন্তভূক্ত কৰিছে । আবাস আৰু সংসদত কেবিনেট কমিটিত দুখনত অমিত শ্বাহে কমিটিৰ মুখ্য হিচাপে কাম কৰিব ।

আনহাতে নিযুক্তি, অৰ্থনীতি, ৰাজনীতি, নিৰাপত্তা, বিনিয়োগ আৰু উন্নয়ন, কৰ্মচাৰী আৰু দক্ষতা বিভাগৰ কেবিনেট কমিটিৰ মুখ্য হিচাপে কাম কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন ৭ খন কেবিনেট কমিটিত অন্তভূক্ত আছে। নিৰ্মলা সীতাৰমন আবাসৰ লগতে চি চি ই এ, সংসদ, ৰাজনীতি, চি চি এচ, বিনিয়োগ আৰু উন্নয়ন আৰু নিযুক্তি আৰু দক্ষতা কেবিনেট কমিটিত অন্তভূক্ত আছে । নীতিন গাডকাৰী দুখন কেবিনেট কেবিনেট কমিটি অন্তভূক্ত আছে ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com