অমিতাভ বচ্ছনৰ টুইটাৰ একাউণ্ট হেক: প্ৰফাইলত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ ফটো

অমিতাভ বচ্ছনৰ টুইটাৰ একাউণ্ট হেক: প্ৰফাইলত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ ফটো

এইবাৰ পাকিস্তানী হেকাৰৰ কবলত বিগ বি অমিতাভ বচ্ছন । জনপ্ৰিয় অভিনেতা অমিতাভ বচ্ছনৰ টুইটাৰ একাউণ্টত হেক কৰি প্ৰফাইলত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ ফটো আপলোড কৰাৰ লগতে "love Pakistan " বুলি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ।

সোমবাৰে নিশাৰ পৰা আকস্মিক ভাৱে অমিতাভ বচ্ছনৰ টুইটাৰ একাউণ্টত কিছুমান অস্বাভাৱিক পৰিৱৰ্তন হোৱা প্ৰতক্ষ্য কৰে। অমিতাভ বচ্ছনৰ টুইটাৰত একাউণ্টৰ প্ৰফাইল ফটো খন সলনি কৰাৰ লগতে টুইটাৰ একাউণ্টৰ বায়গ্ৰাফিও সলনি কৰে হেকাৰে। পূৰ্বতে অমিতাভ বচ্ছনৰ বায়গ্ৰাফিত লিখা আছিল "Actor.. well at least some still saying so!" । প্ৰফাইল পিকচাৰ সলনি কৰাৰ পাছতে বায়গ্ৰাফি সলনি কৰি "love Pakistan " বুলি লিখে ।

অকল সেয়ায়ে নহয় হেকাৰে অমিতাভ বচ্ছনৰ একাউণ্টটোৰ পৰা ৩ টা পষ্টো পঠিয়াই । অমিতাভ বচ্ছনৰ টুইটাৰত একাউণ্ট হেক হোৱাৰ পাছত চাইবাৰ ইউনিট আৰু মহাৰাষ্ট্ৰৰ চাইবাৰ এজেঞ্চীক খবৰ দিছে বুলি প্ৰকাশ কৰে আৰক্ষীয়ে । এই সম্পৰ্কত অনুসন্ধান অব্যাহত ৰাখিছে ।

বৰ্তমানলৈ বচ্চনৰ টুইটাৰ একাউণ্ট কোনে হেক কৰিছে সেই সম্পৰ্কে জানিব পৰা নাই যদিও পাকিস্তানৰ হেকাৰৰ হাত থকাৰ সন্দেহ কৰা হৈছে।এই সমগ্ৰ ঘটনা টাৰ্কিছ হেকাৰ গ্ৰুপ আয়লদিজ টীমে কৰাৰ অভিযোগ উঠিছে। হেকাৰে হেক কৰি বিগ বিৰ একাউণ্টৰ পৰা কেইবাটাও টুইটো কৰিছে। ইয়াৰ ভিতৰত প্ৰথমটো মেছেজত লিখিছে যে এয়া বিশ্বৰ বাবে এক গুৰুত্বপূৰ্ণ বাৰ্তা। আমি আইচলেণ্ড ৰিপাব্লিকৰ তৰফৰ পৰা টাৰ্কিছ ফুটবলাৰসকলৰ সৈতে কৰা ব্যৱহাৰৰ ঘটনাক গৰিহণা দিছো। আমি মৰমৰ ভাষা বুজো, কিন্তু ডাঙৰ কাম কৰো আৰু ইয়াত আপোনাক জনাও যে এটা ডাঙৰ চাইবাৰ আক্ৰমণ হ’বলৈ গৈ আছে।(“This is an important call to the whole world! We do condemn the irrespective behaviours of Iceland Republic towards Turkish footballers. We speak softly but carry a big stick and inform you about the big cyber attack here.”)বুলি পষ্ট দিয়ে

হেকাৰৰ গ্ৰুপটোৱে ইয়াৰ পিছতে দ্বিতীয়টো টুইটত লিখিছে যে ভাৰতত ৰমজানৰ সময়তো মুছলমানৰ ওপৰত আক্ৰমণ কৰা হৈছে। আজিৰ দিনতো উম্মাহ মহম্মদৰ ওপৰত এনেধৰণৰ আক্ৰমণ চলিছে।অৱশ্যে কেইবাঘণ্টাৰ পিছত ৰিক’ভাৰ হয় অমিতাভ বচ্চনৰ টুইটাৰ একাউণ্টটো।

বলীউডৰ বিগ বি গৰাকীৰ টুইটাৰত ফল'ৱাৰ আছে ৩৭.৪ মিলিয়ন। শেহতীয়াকৈ চাইবাৰ ক্ৰাইমৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । জনপ্ৰিয় অভিনেতা, অভিনেত্ৰী তথা প্ৰভাৱশালী ব্যক্তি সকলৰ টুইটাৰ একাউণ্ট সততে হেক কৰা পৰিলক্ষিত হয় ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com