Begin typing your search above and press return to search.

গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণৰ সন্দৰ্ভত ডিব্ৰুগড়ৰ পৰা এজনক আটক

গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণৰ সন্দৰ্ভত ডিব্ৰুগড়ৰ পৰা এজনক আটক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Jun 2019 8:07 AM GMT

গুৱাহাটীৰ চেন্ট্ৰেল ম’লৰ সন্মুখত ১৫ মে’ত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ সন্দৰ্ভত আৰক্ষীয়ে দেওবাৰে ডিব্ৰুগড় চহৰৰ মিলন নগৰত এটা ভাৰা ঘৰৰ পৰা এজন লোকক আটক কৰিছে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে আটক কৰা লোকজনৰ নাম প্ৰকাশ ৰাজকোঁৱৰ ওৰফে চাউ নামটি লাউ। লোকজনৰ বয়স প্ৰায় ৬৫ বছৰ ৷

ইফালে গুৱাহাটীৰ আৰক্ষীয়ে ডিব্ৰুগড় আৰক্ষীৰ সহায়ত প্ৰকাশ ৰাজকোঁৱৰ নামৰ লোকজনক আটক কৰিছে ৷ এক বিশেষ সূত্ৰৰ মত অনুসৰি অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰকাশ ৰাজকোঁৱৰ তিনিচুকীয়াৰ বাসিন্দা। বিগত দুই বছৰৰ পৰা তেওঁ ভাৰাঘৰত বাস কৰি আছে ৷ সম্প্ৰতি প্ৰকাশ ৰাজকোঁৱৰ ওৰফে চাউ নামটি লাউক আৰক্ষীয়ে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে ৷

অন্যহাতে গুৱাহাটীৰ জু ৰোডৰ চেন্ট্ৰেল মলৰ সন্মুখত হোৱা বোমা বিস্ফোৰণৰ সন্দৰ্ভত আৰক্ষীয়ে বিগত সময়ত গ্ৰেপ্তাৰ কৰে বিজয় অসমক ৷ ইয়াৰ পিছতেই মুল অভিযুক্ত বিজয় অসমক লতাশিল থানাত হাজিৰ কৰা হয় ।বিজয় অসম ওৰফে পাপু ৰাজবংশী ইয়াৰ পূৰ্বেও কেইবাটাও গোচৰত অভিযুক্ত আছিল । গাড়ী চোৰৰ লগতে ২০১১ চনত এগৰাকী মহিলাক হত্যাৰ সন্দৰ্ভত গোচৰ আছে গুৱাহাটী বিস্ফোৰণৰ মুল অভিযুক্ত বিজয় অসমৰ বিৰুদ্ধে ।অসম আৰক্ষীৰ মষ্ট ৱাণ্টেড লিষ্টৰ এজন হৈছে বিজয় অসম|

তিনিচুকীয়াৰ ডুমডুমা আৰক্ষী থানাৰ তালাপ আউটপ’ষ্টৰ অন্তৰ্গত ডংগৰিৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বিজয় অসমক ৷জু-ৰোডৰ চেন্ট্ৰেল মলৰ সমিপত থকা নিৰাপত্তা ৰক্ষীলৈ লক্ষ্য কৰি বোমা নিক্ষেপ কৰিছিল বিজয় অসমে।

বিস্ফোৰণৰ পাছত বিভিন্ন স্থান সলনি কৰি বিজয় অসম পলাই ফুৰিছিল বুলি জানিব পৰা গৈছে ।গুৱাহাটীত বিস্ফোৰণ সংঘটিত কৰি বিজয় অসম নগাঁওৰ পুৰনিগুদামলৈ পলাই গৈছিল আলফাৰ আন এজন সদস্য ইন্দ্ৰ মোহন বৰাৰ সৈতে । পুনৰ পুৰনিগুদামৰ পৰা গোলাঘাটলৈ ট্ৰেভেলাৰ যোগেদি পলায়ন কৰে। নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ হৈ ম্যানমাৰলৈ পলাই যোৱাৰ চেষ্টা কৰিছিল বুলি প্ৰকাশ কৰিছিল ।

গুৱাহাটীত বিস্ফোৰণ সংঘটিত কৰিবলৈ আলফা নেতা প্ৰানময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াৰ লগত বিজয় অসমে সম্পৰ্ক ৰক্ষা কৰিছিল বুলি সূত্ৰয়ে প্ৰকাশ কৰে । পাঞ্জাবাৰীৰ জাহ্নৱী শইকীয়াৰ বাসগৃহত বিজয় অসমে বাহৰ পাতিছিল ।

প্ৰানময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক পাঞ্জাবাৰীৰ ঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হৈছিল ।এই বিস্ফোৰণত ১২ জন লোক আহত হৈছিল । ১২ জনৰ ২ জন এচ এচ বি জোৱান আৰু শিশুও আহত হৈছিল ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি