Begin typing your search above and press return to search.

কা- বিৰোধী আন্দোলনকাৰী ২০২১ চনত জয় লাভ কৰিব : অসম প্ৰদেশ কংগ্ৰেছ কমিটী

কা- বিৰোধী আন্দোলনকাৰী ২০২১ চনত জয় লাভ কৰিব : অসম প্ৰদেশ কংগ্ৰেছ কমিটী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Feb 2020 7:34 AM GMT

কা- বিৰোধী আন্দোলনকাৰী ২০২১ চনত জয় লাভ কৰিব : অসম প্ৰদেশ কংগ্ৰেছ কমিটী । অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কয় যে ৰাজ্যৰ পৰৱৰ্তী বিধানসভা নিৰ্বাচনত নেতৃত্বধীন চৰকাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে এশখন আসনৰ লক্ষ্যৰে তিতাবৰ বিধান সভা সমষ্টিৰ পৰা অভিযান আৰম্ভ কৰা কাৰ্যক বিজেপিৰ এক কল্পনা ।

বুধবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এক সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আৰু মুখ্যপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয় যে এয়া বিজেপিৰ বাবে ১০০ ৰ মিছন নহয় । প্ৰকৃতপক্ষে এয়া এক মিছন য'ত ক্ষমতাধীন দলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজত নিজৰ কৰ্মী সকলৰ মনত সাহস দিবলৈ চেষ্টা কৰিছে । এয়া নিশ্চিত যে ২০২১ চনত বিজেপি ক্ষমতালৈ নাহে । নাগৰিকত্ব সংশোধনী আইন বিৰোধী লোকে দিছপুৰ গঠন কৰিব । যদি ২০২১ চনত বিজেপি ক্ষমতালৈ আহে তেন্তে ২০১৯ চনত তেওঁলোকে সংসদত সংখ্যাগৰিষ্ঠতা অৰ্জনৰ দ্বাৰা নাগৰিকত্ব সংশোধনী আইন জনসাধাৰণৰ ওপৰত জাপি দিযাৰ দৰে গনতান্ত্ৰত ব্যাপক ক্ষতি হব ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আৰু মুখ্যপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয় যে বিগত চাৰি বছৰে চৰকাৰে এটাও নিযুক্তি পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব পৰা নাই । এ পি এছ ছিৰ পৰীক্ষা অনুষ্ঠিত হ'ল যদিও এতিয়াও তাৰ ফলাফল দিব পৰা নাই । তেওঁলোকে পঞ্চায়ত বিভাগৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল যদিও এতিয়ালৈকে ফলাফল ঘোষণা কৰা হোৱা নাই। জলসিঞ্চন বিভাগৰ খালী পদ সমূহক লৈ লয় দৰ দাম চলিছিল। বিনা বেতনে কাম কৰা শিক্ষক শিক্ষয়িত্ৰী সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান নহ'ল । মধ্যাহ্ন ভোজনৰ ৰান্ধনী সকলৰ সমস্যাও সমাধান নহ'ল ।

ফিল্মফেয়াৰ এৱাৰ্ডৰ‌ নামত ৩৩ কোটিৰ বাবদ ৰাজ্য চৰকাৰে নিয়োগ কৰা ২৩ কোটি টকাৰ ওপৰত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ মন্তব্যৰ ওপৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আৰু মুখ্যপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই লিখিত ৰূপত লাভালাভৰ দাবু কৰে । তদুপৰি তেওঁ নমানি ব্ৰহ্মপুত্ৰ, পুষ্কৰণ মেলা , মহাৰুদ্ৰাক্স যজ্ঞ আদিৰ ওপৰৰ হিচাপৰ দাবী জনায়।

অন্য খবৰৰ বাবে পঢ়ক : আমি জনসাধাৰণৰ ধনৰ অপব্যৱহাৰ কৰা নাই : অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ

ভিডিঅ প্ৰতক্ষ্য কৰক : Biofloc fish farming introduced in Bongaigaon’s Bijni, Watch here

Next Story
চাকৰি