বিগ বছত পুনৰ অনুপ জলোটা: কিন্তু লগত যাব লাগিব বলীউডৰ এগৰাকী অভিনেত্ৰী

বিগ বছত বিগত বছৰত অনুপ জলোটা আৰু জেছলীন মাথুৰৰ সম্পৰ্কই চৰ্চা লাভ কৰিছিল ৷ জেছলীন মাথুৰ আৰু অনুপ জলোটাই বিগ বছত দুয়োগৰাকীৰ মাজত থকা সম্পৰ্কক প্ৰেমৰ সম্পৰ্ক হিছাপে সকলোৰে সন্মুখত মন্তব্য কৰিলেও কিন্তু বিগ বছৰত পৰা ওলায়ে দুয়ো গৰাকীৰ মাজত থকা সম্পৰ্কত ফাট মেলে ৷
কিন্তু বিগ বছৰ পৰা বাহিৰ হৈয়ে অনুপ জলোটাই কয় যে ,জেচলীন আৰু অনুপ জলোটাৰ মাজত কোনো সম্পৰ্ক নাই ৷ যি প্ৰেমিক প্ৰেমিকাৰ সম্পৰ্কৰ কথা অনুপ জলোটাই পূৰ্বতে কৈছিল সেয়া “বিগ বছ”ত অংশ গ্ৰহণ কৰিবৰ কাৰণে কৈছিল ৷ লগতে এক অনুষ্ঠানত অনুপ জলোটাই কয় যে, “বিগ বচ”ত অংশগ্ৰহণ কৰিবলৈ “বিগ বছ”ৰ হোষ্ট ছলমান খানে তেওঁক অনুৰোধ কৰিছিল যে অনুপ জলোটাই বিগ বচত অংশ লওক ৷
ইফালে জেছলীনৰ পিতৃ কেশৰ মথাৰুয়েও অনুপ জলোটাক জীয়ৰী জেছলীনৰ লগত বিগ বছত অংশগ্ৰহণ কৰিবলৈ কয়৷গতিকে সকলোৰে আহ্বানৰ মান ৰাখিহে অনুপ জলোটাই “বিগ বচ”ত অংশ লৈছিল ৷
বিগ বছ -১২ ত আছিল ১৭ জন প্ৰতিযোগী ৷ ইয়াৰ ভিতৰত ৩ জনে ৱাইল্ড কাৰ্ড এন্টীত প্ৰবেশ কৰিছিল “বিগবচ”ৰ ঘৰত ৷ কৰণৱীৰ বোহৰা,সৌৰভ পেটেল, শিৱাশীষ মিশ্ৰা,দীপিকা কক্কড়,ৰোমিল চৌধুৰী,নিৰ্মল সিং,নেহা পেণ্ডচ,অনুপ জলোটা, জছলীন মাথুৰ, সৃষ্টি ৰোডে,সোমী খান,সাবা খান, দীপক ঠাকুৰ,উৰ্বশী বানী,কৃৰ্তি বৰ্মা,ৰশ্মী বানিক আৰু শ্ৰীশান্ত আছিল বিগ বছৰ প্ৰতিযোগী ৷ইয়াৰ বিপৰীতে সুৰভি ৰাণা,মেঘা ধাড়ে আৰু ৰোহিত সুচান্তী আছিল ৱাইল্ড কাৰ্ড এন্টীৰ প্ৰতিযোগী। কিন্তু সৰ্বশেষত এই সকলো প্ৰতিযোগীত চেৰ পেলাই বিজয়ী হয় ৩২ বছৰীয়া দীপিকা কক্কড়।
কিন্তু দুয়ো গৰাকীয়ে বিগ বছৰ নিৰ্মাতাৰ ওপৰত আৰোপ লগাইছিল যে, দুয়োগৰাকীৰ সম্পৰ্কত তেওঁলোকে প্ৰেমৰ সম্পৰ্ক বুলি প্ৰচাৰ কৰে ৷কাৰণ অনুপ জলোটা আৰু জেছলীন মাথুৰৰ মাজত গুৰু শিষ্যৰ সম্পৰ্ক আছে ৷ কিন্তু সম্প্ৰতি বিগ বছ ১৩ পুনৰ আৰম্ভ হৈছে ৷ বিগ বছ ১৩ ত কোন কোন প্ৰতিযোগী থাকিব সেয়াক লৈ চৰ্চা অব্যাহত আছে ৷
তাৰ মাজতে অনুপ জলোটাই মন্তব্য কৰিছে যে যদিহে ছলমান খানৰ সহকাৰী হ’ষ্ট হিচাপে অনুপ জ’লোটাক লয় তেন্তে তেওঁ বিগ বছত অংশ গ্ৰহণ কৰিব ৷ লগতে অনুপ জ’লোটাই কয় যদি বিগ বছত কেটৰীনা কাইফে অনুপ জলোটাৰ লগত অংশ গ্ৰহণ কৰে তেন্তে বিগ বছত নিশ্চয় আহিব ৷ সম্প্ৰতি এই খবৰে চৰ্চা লাভ কৰিছে দৰ্শকসকলৰ মাজত ৷
অধিক খবৰৰ বাবে পঢ়ক : “বিগ বছ”ত শেষ হাঁহি মাৰিলে অভিনেত্ৰী দিপীকা কক্কড়ে