Begin typing your search above and press return to search.

খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে কৰিলে অসমীয়া ছবি আমিষৰ প্ৰচাৰ

খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে কৰিলে অসমীয়া ছবি আমিষৰ প্ৰচাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Oct 2019 1:11 PM GMT

প্ৰসিদ্ধ বলিউড ছবি নিৰ্মেতা তথা নিৰ্দেশক অনুৰাগ কাশ্যপে আজি ঘোষণা কৰে যে তেওঁ প্ৰদৰ্শিত কৰিব অসমীয়া ছবি আমিষ । আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত আমিষ ছবি খন নৱেম্বৰ মাহত ছবিগৃহলৈ আহিব ।

চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে এই ঘোষনা তেওঁ তেওঁৰ ইন্চটাগ্ৰামৰ জৰিয়তে দিয়ে । লগতে এটা ভিডিঅ'ৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাতা জনে ২২ নৱেম্বৰ তাৰিখে মুক্তি লাভ কৰিব লগীয়া আমিষ ছবি খন ছবি গৃহত উপভোগ কৰিবলৈ আহ্বান জনায় । লগতে কয় যে " আপোনালোকে আগতে এনেকুৱা ভাৰতীয় চিনেমা দেখা নাই " । অনুৰাগ কাশ্যপে ভাৰতৰ বিভিন্ন ঠাইৰ ছবি‌ প্ৰদৰ্শন কৰে আৰু এয়া প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ ছবি প্ৰদৰ্শন হ'ব ।

এটা নিৰ্দয়পূৰ্ন প্ৰেমকাহিনীৰ আমিষ ছবিখনৰ কাহিনী আৰু পৰিচালনা ভাস্কৰ হাজৰিকাৰ ।

ভাস্কৰ হাজৰিকাৰ প্ৰথম খন ছবি "কথানদী" য়ে ২০১৬ চনত ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল ।

আমিষ ছবিখনত অভিনয় কৰে ৰীমা দাস‌, অৰ্ঘদ্বীপ বৰুৱা , নিতালী দাস , সাগৰ সৌৰভ , আৰু মিনস কে দাসে । এই ছবিখন উইচব্ৰি ফিল্মৰ সৈতে পৰিচালনা কৰে পূনম দেৱৰ আৰু শ্যাম বৰাই । এই ছবিখন নিউয়ৰ্কত অনুষ্ঠিত ই ত্ৰিবেকা ফিল্ম ফেষ্টিভেলত প্ৰিমিয়াৰ কৰা হৈছিল । য'ত এই ছবিখন ৫ টা শাখাত মনোনীত হৈছিল । তাৰোপৰি ছবিখনে লাভ কৰিছিল শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ ।

আমিষ ছবিখনে কিছুদিন পূৰ্বে ছিংগাপুৰ চাইথ এচিয়ান ইন্টাৰনেছনেলে ফিল্ম ফেষ্টিভেলত ভাস্কৰ হাজৰিকালৈ শ্ৰেষ্ঠ পৰিচালক , আৰু ৰীমা দাসলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান প্ৰদান কৰা হয় ।

কাহিনী আৰু পৰিচালক ভাস্কৰ হাজৰিকাই কয় যে " অনুৰাগ কাশ্যপে প্ৰদৰ্শন কৰাটো আমাৰ দলৰ লোক সকলৰ সপোন বাস্তৱত ৰূপায়িত হ'ল "।

অনুৰাগ কাশ্যপক তেওৰ ব্যতিক্ৰমী আৰু দৃষ্টি ভংগীৰ বাবে সকলোৱে জানে । অনুৰাগ কাশ্যপে আমাষ ছবিখনৰ ক্ষেত্ৰত কৰা সহযোগিতাৰ ফলত ছবিখনে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব বুলি কয় চলচ্চিত্ৰ নিৰ্মাতা ভাস্কৰ হাজৰিকাই ।

আমিষ ছবিখন অসমৰ লগতে ভাৰতৰ আন‌ কিছুমান ৰাজ্যত নৱেম্বৰৰ ২২ তাৰিখে মুক্তি লাভ কৰিব ।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব আইন সংশোধনী বিধেয়কে ভীতি প্ৰদৰ্শন কৰি তুলিছে থলুৱা জনসাধাৰনক

ভিডিঅ প্ৰতক্ষ্য কৰক : Self Reliant Farmers from Titatbor

Next Story
চাকৰি