Begin typing your search above and press return to search.

এন আৰ চিৰ নামত সাধাৰণ লোকক হাৰাশাস্তি বন্ধ কৰাৰ দাবীত প্ৰতিক হাজেলাক সাক্ষাৎ কংগ্ৰেছৰ

এন আৰ চিৰ  নামত সাধাৰণ লোকক হাৰাশাস্তি বন্ধ কৰাৰ দাবীত  প্ৰতিক হাজেলাক সাক্ষাৎ কংগ্ৰেছৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 May 2019 10:21 AM GMT

শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই এন আৰ চিৰ ৰাজ্যিক সমন্বয়কাৰী প্ৰতিক হাজেলাক সাক্ষাৎ কৰে। এন আৰ চিৰ আবেদনৰ প্ৰক্ৰিয়াত লোকসকলে হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ কথা প্ৰকাশ কৰি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰতিক হাজেলাক প্ৰকাশ কৰে যে আবেদন শুনানিৰ বাবে স্থানীয় ঠাইত অনুষ্ঠিত হব লাগে।

স্মাৰক পত্ৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে স্মাৰক পত্ৰত প্ৰকাশ কৰে যে ২০১৮ চনৰ ৩০ ডিচেম্বৰত ১৩০০ খন আবেদন দাখিল কৰিছিল বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল । কিন্তু ২০১৮ চনৰ ৩১ ডিচেম্বৰ অৰ্থাৎ অন্তিম দিনালৈকে ২.৫ লাখ লোকে আবেদন কৰে। আমি এই প্ৰক্ৰিয়াক আদৰনি জনাইছো । এই পক্ৰিয়াত বহুতো ভূৱা অভিযোগকাৰী সোমাই পৰিছে ।যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় লোক সকলৰ হাৰাশাস্তিৰ সন্মুখীন হব লগা হৈছে।

লগতে কয় যে এন আৰ চি চুৰান্ত খচৰাত এজনো প্ৰকৃত ভাৰতীয় বাদ পৰিব নালাগে। আনহাতে এজনো বিদেশী যাতে অন্তভূক্ত নহয় এন আৰ চিত । অসম চুক্তিৰ মতে ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগত অহা লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হব । যিসকল লোক ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত আহিছে সেই সকলৰ নাম এন আৰ চিত অন্তভূক্ত নহয় ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰকাশ কৰিছে যে পুনৰ আবেদনৰ শুনানিৰ পক্ৰিয়াত স্থানীয় লোক সকলে মানসিক, শাৰিৰীক আৰু আৰ্থিক ভাবেও হাৰাশাস্তিৰ সন্মুখীন হৈছে বুলি প্ৰকাশ কৰে।

এন আৰ চিৰ ৰাজ্যিক সমন্বয়কাৰী প্ৰতিক হাজেলাক সাক্ষাৎ কৰোতে বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ লগতে অজন্তা নেওগ, আব্দুল খালেক, শ্বেৰমান আলিৰ লগতে বিধায়ক আৰু জেষ্ঠ দলৰ নেতা উপস্থিত থাকে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story