Begin typing your search above and press return to search.

ডিটেনচন কেম্পত থকা বিদেশী সকলক চৰ্তসাপেক্ষে মুকলি কৰি দিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ডিটেনচন কেম্পত থকা বিদেশী সকলক চৰ্তসাপেক্ষে মুকলি কৰি দিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 May 2019 6:56 AM GMT

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ডিটেনচন কেম্পত বন্দী হৈ থকা বিদেশী সকলক চৰ্তসাপেক্ষে মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে । অসমৰ ডিটেনচন কেম্প সমুহত তিনি বছৰ বা তিনি বছৰতকৈ অধিক সময় ন্যায়াধীশকৰনে বিদেশী বুলি ঘোষণা কৰা বন্দীসকলক চৰ্ত সাপেক্ষে মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ সঞ্জীৱ খান্না বিচাৰপীঠে প্ৰকাশ কৰে যে বিদেশী বুলি ঘোষণা কৰা লোকসকলক কিছুমান চৰ্ত সাপেক্ষে মুকলি কৰি দিবলৈ ।

উচ্চতম ন্যায়ালয়ে কিছুমান চৰ্ত নিৰ্ধাৰণ কৰি দিছে । পাঁচটা চৰ্ত আৰোপ কৰি ন্যায়ালয়ে কয় যে এনেদৰে মুকলি কৰি দিব লগা বিদেশীয়ে দুগৰাকী ভাৰতীয় লোকৰ নিশ্চিত থকা ১ লাখ টকাৰ বণ্ড দাখিল কৰিব লাগিব । ১০ টা আঙুলি চাপ আৰু ফটো ডাতাবেছত সংৰক্ষণ কৰিব ডিটেনচন কেম্পৰ পৰা মুকলি কৰাৰ পিছত, লগতে মুকলি হোৱাৰ আগত ঠিকনা সমূহ পৰীক্ষা কৰা হব ।

বিদেশী ন্যায়াধীশকৰনে নিৰ্ধাৰণ কৰি দিয়া আৰক্ষী থানাত সপ্তাহত এবাৰ হাজিৰ হব লাগিব মুকলি কৰি দিয়া বিদেশীয়ে। ইয়াৰ ৰিপোৰ্ট সমূহ সীমান্ত আৰক্ষীৰ অধীক্ষকে বিদেশী ন্যায়াধীশকৰনত জমা দিব লাগিব ।

অসমৰ ডিটেনচন কেম্পত বন্দী বিদেশী সকলৰ অৱস্থাৰ ওপৰত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশনা দিয়ে উচ্চতম ন্যায়ালয়ে । শুনানি গ্ৰহণ কৰি কোৰ্টে কয় যে অসম চৰকাৰে বিদেশী বহিস্কাৰ ক্ষেত্ৰত কুটনৈতিক পৰ্যায় অথা অন্যান্য ক্ষেত্ৰত কি অগ্ৰগতি লাভ কৰিছে সেই বিষয়ে ন্যায়ালয়ক জনাবলৈ কিছু সময় প্ৰদান কৰাৰ কথা ন্যায়ালয়ে বিবেচনা কৰিছে। আনহাতে বিদেশী ন্যায়াধীশকৰন বাবে ৰাজ্যখনত অতিৰিক্ত ন্যায়াধিকৰণ স্থাপন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কয় যে এই সম্পৰ্কে ৰাজ্যখনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সৈতে আলোচনা কৰি এক বিস্তৃত আচনি যিমান সোনকালে সম্ভৱ দাখিল কৰিব লাগে। এই ন্যায়াধিকৰণৰ সদস্য তথা কৰ্মচাৰীক ধৰি সকলো বিষয় সাঙুৰি এই বিস্তৃত প্ৰতিবেদন যথাশীঘ্ৰে দাখিল কৰাৰ কাৰনে ন্যায়ালয়ে অসম চৰকাৰক নিৰ্দেশ দিয়ে ।পৰবৰ্তী শুনানি জুলাইত হব ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি