Begin typing your search above and press return to search.

আৰবাজ খান মোৰ সন্তানৰ পিতৃ:এই কথা নুই কৰিব নোৱাৰি:মালাইকা আৰোৰা

আৰবাজ খান মোৰ সন্তানৰ পিতৃ:এই কথা নুই কৰিব নোৱাৰি:মালাইকা আৰোৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Aug 2019 12:39 PM GMT

বলীউডৰ অভিনেত্ৰী,নৃত্যশিল্পী, বিচাৰক মালাইকা আৰোৰা আৰু অৰ্জুন কাপুৰৰ সম্পৰ্ক ,আৰ্বাজ খান আৰু মালাইকা আৰোৰাৰ তথা মলাইকা আৰু আৰবাজ খানৰ পুত্ৰ আৰহানৰ মাজত সম্পৰ্ক কেনেধৰণৰ সেই সম্পৰ্কই সততে অনুৰাগীসকলে জানিব বিছাৰে ৷ কিন্তু বলীউডৰ এইসকল চেলীব্ৰেটীয়ে হয়তো জীৱনত বহু আগবাঢ়ি গ’ল ৷কিন্তু অনুৰাগীসকলৰ কাৰনে তেওঁলোকৰ জীৱন আজিও উৎসুকতাৰ ভৰা ৷

অলপতে বলীউডৰ অভিনেতী মলাইকা আৰোৰাই আৰ্বাজ খানৰ সন্দৰ্ভত কয় যে আৰ্বাজ মোৰ সন্তানৰ পিতৃ ৷সেই কথা নুই কৰিব নোৱাৰি ৷ ইফালে আৰ্বাজ খানৰ লগত বিবাহ বিচ্ছেদ হোৱাৰ পিছতো এতিয়াও মলাইকাৰ ভগ্নী অমৃতা আৰ্বাজ খানৰ ভাল বন্ধু ।এই সন্দৰ্ভত মালাইকাই কয় যে মই বুজি নাপাও যে ইয়াক কিয় পৰিৱৰ্তন কৰিব লাগে ৷কাৰণ এটা সম্পৰ্ক এদিনতে গঢ়ি নুঠে। সম্পৰ্কবোৰ সময়ৰ লগে লগে গঢ়ি উঠে।

আনহাতে ২০১৭ চনত মালাইকা আৰোৰা খান আৰু আৰবাজ খানৰ বিবাহ বিচ্ছেদ হয়। মালাইকাই লগতে কয় যে আৰ্বাজৰ লগত বিবাহ বিচ্ছেদ কৰাটো ইমান সহজ নাছিল ৷কাৰণ তেওঁলোকৰ লগত জৰিত হৈ আছিল সন্তানৰ জীৱন ৷ কিন্তু সকলোখিনি ঘাত প্ৰতিঘাতৰ অন্তত মালাইকা আৰু আৰ্বাজ খানৰ বিবাহ বিচ্ছেদ হয়৷

ইফালে এগৰাকী মাতৃ হিছাপে এটি সন্তানক সকলো ফালৰ পৰা শিক্ষা দিয়া কিমান কঠিন সেই সম্পৰ্কে মালাইকাই কয় যে মোক আৰহানে সকলো কথা কয়। এজনী পৰা দহজনী গাৰ্ল ফেণ্ড হলেও আৰহানে মাহীয়েক অমৃতাক সকলো কথা কয়। লগতে অৰ্জুণ কাপুৰ আৰু সততে মালাইকা আৰোৰাৰ বিয়া প্ৰসংগত ওলোৱা খবৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অভিনেত্ৰী গৰাকীয়ে ৷ আৰু সম্প্ৰতি সকলোবোৰ নিজৰ নিজৰ ঠাইত সুখী হোৱাৰ কথাও উল্লেখ কৰে। অৰ্জুন কাপুৰ আৰু মালাইকা ইজনে আনজনক জানি বুজিহে যিকোনো সিদ্ধান্ত ল’ব বুলি কয় মলাইকা আৰোৰাই ৷

অধিক খবৰৰ বাবে পঢ়ক: টিক টকত ভিডিঅ কৰি চৰ্চিত বলীউডৰ ভাইজান ছলমান খান

ভিডিঅ প্ৰতক্ষ্য কৰক:264th Bokakhesa-Bhouna organized in Jamugurihat | The Sentinel News | Assam News

Next Story
চাকৰি