Begin typing your search above and press return to search.

অৰ্জুন কাপুৰে অভিনেত্ৰী মলাইকা অড়োৰাক ছ'চিয়েল মিডিয়াত কৰিলে ট্ৰ'ল

অৰ্জুন কাপুৰে অভিনেত্ৰী মলাইকা অড়োৰাক ছচিয়েল মিডিয়াত কৰিলে ট্ৰল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Dec 2019 11:06 AM GMT

অৰ্জুন কাপুৰে অভিনেত্ৰী মলাইকা অড়োৰাক ছ'চিয়েল মিডিয়াত কৰিলে ট্ৰ'ল । বলিউডৰ অভিনেতা অভিনেত্ৰী সকল প্ৰায়ে ছ'চিয়েল মিডিয়াত ট্ৰ'ল হোৱা দেখা যায় । বহু সময়ত অভিনেতা অভিনেত্ৰী সকল তেওঁলোকৰ ফটো, কাপোৰ , প্ৰসাধন আদিক লৈ ট্ৰ'ল হোৱা দেখা যায়। এইবাৰ আকৌ ট্ৰ'ল হ'ল মলাইকা অড়োৰা। অভিনেত্ৰী মলাইকা অড়োৰাক ট্ৰ'ল কৰালে অৰ্জুন কাপুৰে ।‌

বলিউডৰ বহু চৰ্চিত প্ৰমিক প্ৰেমিকা অৰ্জুন কাপুৰ আৰু মলাইকা অড়োৰা আকৌ এবাৰ চৰ্চালৈ আহিছে। যেতিয়াৰ পৰাই অভিনেতা অভিনেত্ৰী দুগৰাকীয়ে তেওঁলোকৰ প্ৰেমৰ কথা স্বীকাৰ কৰিছে তেতিয়াৰ পৰাই ছ'চিয়েল মিডিয়াত এজনে আনজনৰ ফটোত মন্তব্য কৰা দেখা যায় । কিন্তু এইবাৰ মলাইকা অড়োৰাৰ ইন্চটাগ্ৰাম একাউণ্টৰ এটা পোষ্টত অৰ্জুন কাপুৰে এনে এক মন্তব্য কৰিলে যে সকলোকে আচৰিত কৰি তুলিছে। এই পোষ্টটোত অৰ্জুন কাপুৰে প্ৰেয়সী অভিনেত্ৰী মলাইকা অড়োৰাক ধেমেলীয়া ভাৱে ট্ৰ'ল কৰে। অৰ্জুন কাপুৰৰ মন্তব্যত মলাইকা অড়োৰাই ও উত্তৰ দিয়ে ।

https://www.instagram.com/p/B6GgrMchAfG/?utm_source=ig_web_copy_link

দৰাচলতে মলাইকা অড়োৰা ইৰিছ বণ্ড ইউ ২ ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। এই অনুষ্ঠানটো ৰবিবাৰে মুম্বাইৰ ডিবাই পাটিল ষ্টেডিয়ামত আয়োজন কৰা হৈছিল। এই অনুষ্ঠানত হ

মলাইকা অড়োৰা এই অনুষ্ঠানত ভগ্নী অমৃতা অড়োৰাৰ লগত উপস্থিত হৈছিল। তাৰ পিছতেই মলাইকাই তেওঁৰ ইন্চটাগ্ৰাম একাউণ্টৰ জৰিয়তে কণ্ঠশিল্পী বোনো ৰ কিছুমান ফটো শ্বেয়াৰ কৰে । লগতে তেওঁ লিখে যে " সংগীতানুষ্ঠানৰ বাবে ধন্যবাদ। ইয়াতকৈ ভাল আৰু ওচৰৰ ফটো মই নাপালো " । ফটো খন দেখিলে গম পোৱা যায় যে মলাইকা অড়োৰাই বোনো ৰ ফটো খন ওচৰৰ পৰা থিয় হৈ জুম কৰি লৈছিল ।

তাৰ পিছতেই অৰ্জুন কাপুৰে মন্তব্য কৰে যে " তুমি তেওঁৰ লগত মঞ্চত আছিলা নেকি?"তাল উত্তৰত মলাইকা অড়োৰাই কোনো ধৰণৰ উত্তৰ দিব নোৱাৰিলে।

ইয়াৰ কিছুদিন পূৰ্বে ও মলাইকা অড়োৰা তেওঁৰ অত্যাধিক প্ৰসাধনৰ বাবে ট্ৰ'ল হোৱা দেখা গৈছিল ।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ বাবেই সাৱধান ইণ্ডিয়াৰ পৰা বহিষ্কাৰ হ’ল সুশান্ত সিং

ভিডিঅ প্ৰতক্ষ্য কৰক: AASU Rally Against CAA 2019 in Kokrajhar

Next Story
চাকৰি