জুনিয়ৰ এথলেটিক্ছ চেম্পিয়নশ্বিপ ২০১৯ত অৰুনাচলৰ যুৱতীৰ সফলতা

জুনিয়ৰ এথলেটিক্ছ চেম্পিয়নশ্বিপ ২০১৯ত অৰুনাচলৰ যুৱতীৰ সফলতা

যিসময়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ ক্ৰীড়া জগতৰ লগত জৰিত লোকে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে,তেনে সময়তে অৰুণাচলৰ এগৰাকী ভিতৰুৱা গাঁৱৰ যুৱতীয়ে ঝাৰখণ্ডত অনুষ্ঠিত জুনিয়ৰ এথলেটিক্ছ চেম্পিয়নশ্বিপত সোনৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। অৰুনাচলৰ চিয়ামী জিলাৰ মনিগঙৰ ১৮ বছৰীয়া জোতি মানে প্ৰসিদ্ধ নেশ্যনেল চেম্পিয়নশ্বিপত মহিলাৰ ৫০০০ মিটাৰ U-২০ ইভেন্টত সফলতা অৰ্জন কৰে ৷

ইয়াৰ উপৰিও জোতি মানেই ১৫০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ক্ৰীড়াৰ লগতে শৈক্ষিক দিশতো আগবঢ়া জোতি মানে ৷ ইটানগৰৰ ডেৰা নাটুং চৰকাৰী মহাবিদ্যালয়ত কলা শাখাত স্নাতকৰ প্ৰথম ষান্মাষিকত শিক্ষা গ্ৰহণ কৰি আছে জোতি মানে ৷

এক বিশেষ খবৰ অনসৰি ৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰিবলৈ এইয়া আছিল জোতিৰ তৃতীয় প্ৰয়াস ।ইফালে শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী প্ৰেমা খাণ্ডু,ড’নাৰ মন্ত্ৰী ড° জিতেন্দ্ৰ সিং আৰু ৰাজ্যিক ক্ৰীড়া মন্ত্ৰী মামা নটুঙে জোটি এই সাফল্যৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com