Begin typing your search above and press return to search.

অৰুণাচলী সুৰাৰ ছিণ্ডিকেট অসমত সৃষ্টি কৰিছে বৃহৎ প্রত্যাহ্বান।

অৰুণাচলী সুৰাৰ ছিণ্ডিকেট অসমত সৃষ্টি কৰিছে বৃহৎ প্রত্যাহ্বান।

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Oct 2019 8:41 AM GMT

অৰুনাচলী সুৰাৰ ব্যাপক ৰূপত প্ৰচলনে অসমৰ বাবে বৃহৎ প্রহত্যাহ্বান হৈ দেখা দিছে। কম মূল্যৰ অৰুণাচলী সুৰাই কেৱল অসমতেই নহয় - সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ড ,মিজোৰাম, মনিপুৰতো একেই সমস্যাৰ উদ্ভৱ কৰিছে।এক শক্তিশালী ছিণ্ডিকেট চক্ৰই সক্রিয়া ভাবে এই চাৰিওখন ৰাজ্যত কাম কৰি থকাৰ ফলত ব্যাপক হাৰত ৰাজহ ঘাটি হোৱা বুলি জানিবলৈ দিছে ৰাজ্যৰ আৱকাৰী বিভাগে । ছিণ্ডিকেট চক্ৰাই অসমত চলাই থকা সুৰাৰ অবৈধ সৰবৰাহৰ সমস্যা অধিক জটিল হৈ পৰাৰ মূল কাৰণ হল অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ আবকাৰী বিভাগে এই চিণ্ডিকেটৰ বিৰুদ্ধে কোনো ধৰনৰ তৎপৰতা গ্ৰহণ নকৰাটো । যাৰ বাবে সহজেই সমগ্ৰ উজনি আৰু মধ্য অসম অৰুণাচলী সুৰাৰ গ্ৰাসত পৰিছে।

আনহাতে নাগালেণ্ড , মনিপুৰ আৰু মিজোৰাম সুৰা নিষিদ্ধ ৰাজ্য হোৱাৰ বাবে চিণ্ডিকেটৰ যোগেদি এই ৰাজ্য সমূহত অধিক দামত সুৰা বিক্ৰী কৰি আহিছে। তাৎপৰ্যপূৰ্ণ ভাবে এই ৰাজ্য সমূহলৈ নিয়া অবৈধ সুৰা বেছি ভাগ অসমতে জমা কৰে এই অবৈধ চক্ৰটোৱে ।

ৰাজ্যৰ প্ৰতিৰক্ষা কেন্টিনলৈ যি খনি সুৰা সৰবৰাহ হয় তাৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰৰ সময়ৰ পৰাই অসমত এক বৃহৎ চিণ্ডিকেট চলি আছে । আনহাতে বৰ্তমানৰ দিছপুৰৰ চৰকাৰে খনেও এই চিণ্ডিকেটৰ ঘাটি সম্পূৰ্ণ ৰূপে উৎখাত কৰাত ব্যৰ্থ হৈছে।

এক সূত্ৰ অনুসৰি এই সুৰা চিণ্ডিকেটৰ সৈতে ৰাজ্যৰ আৱকাৰী বিভাগৰ কিছুমান বিষয়া কৰ্মচাৰীৰ এক চক্ৰ জড়িত হৈ আছে। এই বৃহৎ ছিণ্ডিকেট চক্ৰটোৰ লগত ৰাজ্যৰ আৱকাৰী বিভাগৰ এক শক্তিশালী লবি জড়িত হৈ থকাৰ বাবেই অবৈধ ছিণ্ডিকেট চক্ৰটো উৎখাত কৰাত ৰাজ্য চৰকাৰ তথা আবকাৰী বিভাগ বিফল হোৱা বুলি জানিব পৰা গৈছে । সূত্ৰটোয়ে দাবী কৰা অনুসৰি যেতিয়ালৈকে আবকাৰী বিভাগৰ ভিতৰত সক্রিয় হৈ থকা চৰকাৰী লবীটো ধ্বংস কৰিব নোৱাৰে তেতিয়ালৈকে ছিণ্ডিকেট চক্ৰটো নিঃশেষ কৰাটো প্ৰায় সম্ভাব। আনহাতে আবকাৰী বিভাগত অস্থায়ী ভাবে কাম কৰা কিছুমান কৰ্মচাৰীও এই অবৈধ কাম কাজত সক্ৰিয় বুলি জানিব পৰা গৈছে।

আবকাৰী বিভাগৰ এক শীৰ্ষ সূত্ৰই দ্য চেন্টিনেলক কয় যে - আমি অসম চৰকাৰৰ হৈ অৰুণাচল প্ৰদেশৰ বিষয়া ববীয়ালৈ অনুৰোধ কৰিছো যাতে তেওঁলোকে নিজৰ ৰাজ্যৰ সুৰা ট্ৰাকসমূহৰ বিষয়ে বিৱৰণ দিয়ক। লগতে নাগালেণ্ডৰ আবকাৰী বিভাগকো এই সন্দৰ্ভত বিতংকৈ জনাবলৈ অনুৰোধ কৰা বুলি জনাইছে আবকাৰী বিভাগে ৷ ইফালে বিগত সময়ত ৰাজ্যৰ আবকাৰী বিভাগৰ বাৰ্ষিক ৰাজহ ৯০০ কোটি টকাৰ পৰা ১০০০ কোটি টকা আছিল ৷

অন্য খবৰৰ বাবে পঢ়ক: পৰ্যটকৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰিলে খাম্ফা বৰগয়াৰীয়ে

ভিডিঅ প্ৰতক্ষ্য কৰক:Watch | Ambulance Driver-turned- Artist from Guwahati

Next Story
চাকৰি