৩১ মাৰ্চলৈকে অৰুণাচল প্ৰদেশত সৰ্ব-বন্ধ ঘোষণা খাণ্ডু চৰকাৰৰ

৩১ মাৰ্চলৈকে অৰুণাচল প্ৰদেশত সৰ্ব-বন্ধ ঘোষণা খাণ্ডু চৰকাৰৰ

৩১মাৰ্চলৈকে অৰুণাচল প্ৰদেশত সৰ্ব-বন্ধ ঘোষণা খাণ্ডু চৰকাৰৰ

ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশে অহা ৩১মাৰ্চলৈকে সৰ্ব-বন্ধ (ল’ক-ডাউন)ঘোষণা কৰিছে ৷ সোমবাৰে পেমা খাণ্ডু চৰকাৰে এই কথা ঘোষণা কৰে ৷ বৰ্তমানলৈকে উত্তৰ-পূবৰ কোনো ৰাজ্যত ক’ৰ’না ভাইৰাছ আক্ৰান্ত ধৰা পৰা নাই যদিও ৰাজ্যখনৰ চৰকাৰে সাৱধানতামূলক পদক্ষেপৰূপে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই কথা সদৰী কৰি মুখ্যমন্ত্ৰী খাণ্ডুৱে টুইটাৰত কয়, “ ক’ৰ’না ভাইৰিছ প্ৰতিৰোধৰ উদ্দেশ্য মহামাৰী (প্ৰতিৰোধ)আইনৰ অধীনত আমাৰ চৰকাৰে অহা ৩১মাৰ্চলৈকে সৰ্ব-বন্ধ ঘোষণা কৰিছে ৷ আজি ২৩মাৰ্চৰ সন্ধিয়া পাঁচ বজাৰ পৰা এই সৰ্ব-বন্ধ বলবত হ’ব ৷" ইতিমধ্যে অৰুণাচল প্ৰদেশত সকলো ধৰণৰ নিৰ্বাচন স্থগিত ৰখাৰ কথাও ঘোষিত হৈছে ৷ লক্ষ্যণীয় যে কেৱল, অৰুণাচল প্ৰদেশেই নহয়, দিল্লী, তেলেংগানা আদি ৰাজ্যৰ চৰকাৰেও সৰ্ব-বন্ধ ঘোষণা কৰিছে ৷ আনকি পঞ্জাৱ চৰকাৰে ৰাজ্যখনত পূৰ্ণ পৰ্যায়ৰ কাৰ্ফিউ জাৰি কৰিছে ৷ ৰাজ্যখনত এই কাৰ্ফিউ অহা ৩১মাৰ্চলৈকে বাহাল থাকিব ৷ ইয়াৰ পৰা কোনো লোককে ৰেহাই দিয়া নহয় বুলি মুখ্যমন্ত্ৰী সিঙে টুইটাৰত প্ৰকাশ কৰিছে ৷ সেই অনুসৰি সকলো জিলাৰ উপায়ুক্তসকলক আইনগত ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ জাৰি কৰিছে ৷ দেওবাৰে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰে পৰিস্থিতি পুনৰীক্ষণ বৈঠকত সিং মিলিত হয় ৷ এই বৈঠকৰ পাছতে তেওঁ কাৰ্ফিউৰ নিৰ্দেশ জাৰি কৰে ৷ উল্লেখ্য যে ভাৰতত ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুমুখত পৰা চতুৰ্থজন লোক হৈছে পঞ্জাৱৰ ৷ ৭০বছৰীয়া এই লোকজন অলপতে মৃত্যুমুখত পৰে ৷ তদুপৰি ৰাজ্যখনৰ আন কে’বাজনো লোক এই মহামাৰীত আক্ৰান্ত হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে এই মহামাৰী নাশৰ উদ্দেশ্যে এনে কঠোৰ কাৰ্য-ব্যৱস্থা গ্ৰহণ কৰিছে ৷ তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে আহ্বান জনোৱা জনতা কাৰ্ফিউ বহু লোকে ৰাজহুৱা স্থানত উৎসৱৰ লেখীয়াকৈ পালন কৰে ৷ এনেবোৰ দিশেও পঞ্জাব চৰকাৰক এই কাৰ্য-ব্যৱস্থা ল’বলৈ বাধ্য কৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com