মহাৰাষ্ট্ৰৰ পালঘৰৰ সাধু হত্যাৰ ঘটনাক গৰিহণা অসম সত্ৰ মহাসভাৰ

মহাৰাষ্ট্ৰৰ পালঘৰৰ সাধু হত্যাৰ ঘটনাক গৰিহণা অসম সত্ৰ মহাসভাৰ

মহাৰাষ্ট্ৰৰ পালঘৰৰ সাধু হত্যাৰ ঘটনাক গৰিহণা অসম সত্ৰ মহাসভাৰ

অলপতে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত একাংশ উন্মত্ত লোকে আৰক্ষীৰ উপস্থিতিতে দুজন সাধুসহ তিনিজন লোকক মৰিয়াই হত্যা কৰাৰ ঘটনাৰ তীব্ৰ গৰিহণা দিছে অসম সত্ৰ মহাসভাই। এই নৃশংস কাণ্ডৰে জড়িতসকল কোনোপধ্যে ক্ষমাৰ যোগ্য নহয় বুলি মন্তব্য কৰিছে সত্ৰ মহাসভাই। এই সম্পৰ্কত সত্ৰ মহাসভাৰ সাধাৰণ সম্পাদক কুসুম কুমাৰ মহন্তই কয়, “ মহাৰাষ্ট্ৰ আৰক্ষীৰ সন্মুখতে দুজন সাধু আৰু তেওঁলোকৰ গাড়ীচালকজনক হত্যা কৰা এই ঘটনাৰ আমি তীব্ৰ গৰিহণা দিছো।আমি সাধু-সন্ন্যাসীসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনাইছো”।উল্লেখ্য যে পালঘৰ জিলাত প্ৰায় ২০০ জনীয়া লোকৰ দল এটাই তিনিজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰে ।‌ ইয়াৰে দুজন লোক সাধু-সন্যাসী আৰু আনজন গাড়ীচালক আছিল।

আৰক্ষীৰ তথ্য অনুসৰি এখন গাড়ীত বহি থকা অৱস্থাত সাধু দুজন আৰু তেওঁলোকৰ গাড়ীচালকজনক চোৰৰ সন্দেহত উন্মত্ত লোকে মৰিয়াই হত্যা কৰে। মৃত লোক কেইজন ক্ৰমে সূশীল গিৰি মহাৰাজ, ছিকেন মহাৰাজ আৰু নিলেশ তেলগাড়ে । জানিব পৰা মতে, এই ঘটনা আৰক্ষীৰ সন্মুখতে সংঘটিত হৈছিল। ইতিমধ্যে ঘটনা প্ৰতিৰোধত বিলম্বতাৰ বাবে কাছা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু ছেকেণ্ড অফিচাৰজনক চৰকাৰে নিলম্বন কৰিছে ।

আনহাতে, নৃশংস ঘটনাটোৰ তদন্ত কৰিবলৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ জাৰি কৰিছে ।ঘটনা সংক্ৰান্তত বৰ্তমানলৈকে ১১০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ লগত ফোন যোগে বাৰ্তালাপ কৰে । ঘটনা সন্দৰ্ভত তেওঁ মহাৰাষ্ট্ৰৰ চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছে ।

উল্লেখ্য যে দুজন সাধুৱে গাড়ীৰে মুম্বাইৰ পৰা গুজৰাটলৈ গৈ থকা অৱস্থাত একাংশ লোকে ভুৱা বাতৰি প্ৰচাৰ কৰিছিল যে কেইজনমান চোৰ পলাই আহি আছে । এই ভুৱা প্ৰচাৰৰ বাবেই নীৰিহ লোক তিনিজনে প্ৰাণ হেৰুৱাবলগীয়া হয়। দুবছৰ পূৰ্বে অসমতো এনে এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছিল। দুজন প্ৰতিভাৱান যুৱকক কাৰ্বি আংলঙত একাংশ উন্মত্ত লোকে মৰিয়াই হত্যা কৰে।

ইপিনে, এই বৰ্বৰোচিত ঘটনাক অখিল ভাৰতীয় অখাড়া পৰিষদে গৰিহণা দিছে। তদুপৰি পৰিষদৰ অধ্যক্ষ মহন্ত নৰেন্দ্ৰ গীড়িয়ে চৰকাৰক সকীয়াই দিয়ে যে যদিহে সকলো দোষীয়ে শাস্তি নাপায়, তেন্তে মহাৰাষ্ট্ৰত প্ৰবল আন্দোলন‌ গঢ়ি তোলা হ'ব । ঘটনা সন্দৰ্ভত বিজেপি সাংসদ সাক্ষী মহাৰাজেও টুইটাৰ যোগে দোষীৰ শাস্তিৰ দাবী কৰে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com