Begin typing your search above and press return to search.

টাইপা আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ,আটাছুৰ উদ্যোগত অসম দিৱস উদযাপন

টাইপা আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ,আটাছুৰ উদ্যোগত অসম দিৱস উদযাপন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Dec 2019 7:02 AM GMT

টাইপা আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ,আটাছুৰ উদ্যোগত অসম দিৱস উদযাপন। সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাতো সোমবাৰে অসম দিৱস উদযাপন কৰা হয়। লখিমপুৰ জিলাৰ টাই আহোম যুৱ পৰিষদ (টাইপা) আৰু অসম জাতীয়তাবদী যুৱ পৰিষদ (এ জে ৱাই পি) ৰ উদ্যোগত এই দিৱস পালন কৰা হয়। সেই উপলক্ষে টাইপা আৰু এ জে ৱাই পি এ লক্ষীমপুৰৰ তাইগা ক্ষেত্ৰত বিভিন্ন অনুষ্ঠানৰো আয়োজন কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি ইয়াৰ কমিটিয়ে এক বিশেষ "চাওলুং চ্যুকাফা বৰ অসম সম্প্ৰীতি বঁটা" ও ৰাখে আৰু এই বছৰৰ প্ৰথম বঁটা বিশিষ্ট অভিনেতা নিপন গোস্বামীদেৱলৈ প্ৰদান কৰা হয়। অভিনেতাজনৰ শাৰীৰিক অসুস্থতাৰ বাবে বঁটাটো ২৪ নৱেম্বৰত তেখেতৰ নিজ বাসগৃহত প্ৰদান কৰা হয়। বঁটাত মুঠ ২৫,০০০ টকা, এখন স্মাৰকপত্ৰ, এখন হেংদাং আৰু পৰম্পৰাগত আহোম সাজপাৰৰ লগতে এটা টুপীও আছিল। অনুষ্ঠানটি পতাকা উত্তোলনৰে শুভাৰম্ভণি কৰে অনুষ্ঠান কমিটিৰ সভাপতি অজিৎ বুঢ়াগোহাঁয়ে। ইয়াৰ লগতে এক সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয়। সৰুপৰ্দাৰ অভিনেতা প্ৰীতম খাৰঘৰীয়া আৰু অভিনেত্ৰী চুমকি কছাৰীও এই শোভাযাত্ৰাত ভাগ লয়।

অনুষ্ঠানত "চ্যুকাফাৰ ৰাজনৈতিক বিচাৰধাৰায়ে অসম গাঁথনিৰ মূল" ৰ ওপৰত এক আলোচনা চক্ৰও আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে দিকপাল লাহন আৰু হেমন্ত বনিয়াৰ দ্বাৰা সম্পাদিত বৰ অসম নামৰ এখনি স্মাৰক পত্ৰও উন্মোচন কৰা হয়। টাইপা ৰাজ্যিক সাধাৰণ সম্পাদক দিগন্ত তামূলী আৰু এ জে ৱাই পিৰ ৰাজ্যিক সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈৰ লগতে আন বহুকেইজনো বিশিষ্ট অতিথি অনুষ্ঠানটিত উপস্থিত থাকে।

ডিমৌ, ডিচেম্বৰ ২: ৰাজ্যৰ আন আন ঠাইৰ লগতে ডিমৌটো অসম দিৱস উদযাপন কৰা হয়। সদৌ টাই আহোম ছাত্ৰ সন্থা (আটাছু), ডিমৌ ক্ষেত্ৰীয় কমিটি আৰু ডিমৌবাসীৰ উদ্যোগত ডিমৌ খেলপথাৰত এই দিৱস উদযাপন কৰা হয়। পতাকা উত্তোলনৰে অনুষ্ঠানটি আৰম্ভ কৰে কেন্দ্ৰীয় চ্যুকাফা দিৱস (অসম) ২০১৯ ৰ কমিটি সভাপতি অজয় কুমাৰ গগৈয়ে। অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ - ছাত্ৰীসমূহৰ মাজত এখনি চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। জাকজমকীয়া সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকে অভিনেত্ৰী প্ৰতিভা চৌধুৰীৰ লগতে আন বহু অতিথি।

অন্য খবৰৰ বাবে পঢ়ক : লোহিত খাৱলু এলেকা বিকাশৰ দাবীত স্থানীয় ৰাইজ, দল সংগঠনৰ বৃহৎ প্ৰতিবাদী আন্দোলন

ভিডিঅ প্ৰতক্ষ্য কৰক: Indigenous people would not be affected by the Citizenship Bill at all: CM Sonowal

Next Story
চাকৰি