Begin typing your search above and press return to search.

অসমৰ সত্ৰ ভূমিৰ ক্ষেত্ৰত অসম সত্ৰ মহাসভাৰ প্ৰতিক্ৰিয়া

অসমৰ সত্ৰ ভূমিৰ ক্ষেত্ৰত অসম সত্ৰ মহাসভাৰ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Sep 2019 7:06 AM GMT

অসম সত্ৰ মহাসভাই দেওবাৰে ৰাজ্যত সত্ৰ ভূমি অধিগ্ৰহণৰ তথ্য দিব নোৱাৰাৰ কাৰণে দিছপুৰৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে। ২০১৬ চনত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত সত্ৰৰ অধিগ্ৰহণৰ তথ্য একত্ৰিত কৰিবলৈ এক পদক্ষেপ হাতত লৈছিল ৷ ইয়াৰ মাজতে সেইসময়ৰ ৰাজ্যৰ ৰাজহমন্ত্ৰী পল্লৱ লোচন দাসে অসম সত্ৰ মহাসভা আৰু ৰাজহ বিভাগৰ প্ৰতিনিধিসকলৰ লগত এখন বৈঠক আয়োজিত কৰিছিল ৷

বৈঠকত ৰাজ্যৰ ৰাজহ বিভাগ আৰু অসম সত্ৰ মহাসভাৰ সংযুক্ত সমীক্ষা কৰিবলৈ পদক্ষেপ হাতত লৈছিল। দ্য চেন্টিনেলৰ সন্মুখত অসম সত্ৰ মহাসভাৰ সাধাৰণ সম্পাদক কুসুম কুমাৰ মহন্তই কয় যে সাম্প্ৰতিক সময়লৈকে কোনো যুটীয়া সমীক্ষা কৰা নাই ৷ মহাপুৰুষ শংকৰদেৱৰ তিথি অনুষ্ঠিত কৰাৰ সময়ত এই বিষয় সচাঁকৈয়ে চিন্তনীয় ৷ অৱশ্যে অসম চৰকাৰ আৰু অসম সত্ৰ মহাসভাৰ মাজত সত্ৰ ভূমিৰ সংখ্যাৰ মাজত পাৰ্থক্য আছে ৷

আনহাতে কুসুম কুমাৰ মহন্ত মৰিগাঁৱৰ শ্ৰী শ্ৰী তুৰাব’ৰী কালশিলা সত্ৰৰ এজন সত্ৰাধিকাৰ। তেওঁ কয় যে আমি সত্ৰৰ স্থিতিৰ তথ্যৰ বিষয়ে জানিবলৈ উপায়ুক্তৰ লগত সহযোগ কৰিব লাগিব। অসম সত্ৰ মহাসভাৰ তথ্য অনুসৰি ৰাজ্যত ১,২৪২ সত্ৰ আছে ৷ অসম সত্ৰ মহাসভাই ধুবুৰী, বৰপেটা,বঙাইগাঁও, কামৰূপ,নগাঁও আৰু মৰিগাঁৱৰ লগতে বিভিন্ন জিলাত ২৬ খন সত্ৰত সমীক্ষা কৰিছিল ।

কিছুমান জিলাত অসম সত্ৰ মহাসভাৰ সমীক্ষাত ৭০০০ বিঘা ভূমিত অধিগ্ৰহণ দেখা গৈছে। লক্ষীমপুৰ জিলাত আদি এলেঙী সত্ৰত প্ৰায় ১৯০০ বিঘা ভূমিত অধিগ্ৰহণ কৰা হৈছিল। মহন্তই লগতে কয় যে চৰকাৰে দাবী কৰে যে ১০০ বিঘা ভূমিতহে অধিগ্ৰহণ হৈছে। গতিকে যুটীয়া সমীক্ষা কৰিবৰ কাৰণে এতিয়াও সময় আছে ৷ গতিকে চৰকাৰে অনতি পলমে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ৷

অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্য চৰকাৰৰ সত্ৰসমূহক লৈ বিশেষ পদক্ষেপ

ভিডিঅ প্ৰতক্ষ্য কৰক:BJP (Assam Pradesh) Press Meet in Guwahati

Next Story
চাকৰি