Begin typing your search above and press return to search.

অসম চুক্তিৰ ৩৪ বছৰৰ সম্পূৰ্ণঃ প্ৰতিক্ৰিয়া আছুৰ

অসম চুক্তিৰ ৩৪  বছৰৰ সম্পূৰ্ণঃ প্ৰতিক্ৰিয়া আছুৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Aug 2019 8:13 AM GMT

অসম চুক্তিৰ ৩৪ বছৰ সম্পূৰ্ণ হ’ল ৷ এই সময়চোৱাত বহু দলে দিছপুৰ আৰু নতুন দিল্লীত শাসন কৰিলে। কিন্তু শাসন কৰা কোনো দলেই ৰাজ্যত বিদেশী সমস্যাক সমাধান কৰিবলৈ সক্ষম হোৱা নাই ৷ বুধবাৰে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈৰ অনুসৰি দুৰ্ভাগ্য পূৰ্ণ কথা এয়ে যে বিগত ৩৪ বছৰে ৰাজ্যত অবৈধ ভাৱে থকা বিদেশীসকলক চিনাক্ত কৰিব নোৱাৰাটো অতিশয় দুৰ্ভাগ্যপূৰ্ণ কথা ৷

লগতে ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম আঁতৰাব নোৱাৰাটোও অতি দুৰ্ভাগ্যপূৰ্ণ ৷ দুয়োগৰাকী ছাত্ৰ নেতাই কয় যে এতিয়াও অসম বাংলাদেশ সীমান্তৰ প্ৰায় ২৮৬ কিলোমিটাৰ ভূমি আৰু নদীৰ পথ খোলা আছে ৷ বিদেশীসমূহ সীমাৰ এই খোলাৰ পথেদি অসমত প্ৰবেশ কৰে। ইফালে বিগত ৩৪ বছৰে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে স্বদেশী লোকক সাংবিধানিক সুৰক্ষা প্ৰদান কৰাত অসফল হৈছে ৷

আনহাতে বিদেশীসকলৰ পৰা সত্ৰৰ ভূমিও ৰক্ষা কৰিব পৰা নাই ৷ এই সমগ্ৰ তথ্য ৰাজ্য চৰকাৰৰ অসমৰ প্ৰতি কৰা উপেক্ষাকেই প্ৰতিফলিত কৰিছে ৷ এই মন্তব্য আছুৰ। আছুৰ উপদেষ্টা সদুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে অসম চুক্তি এক জাতীয় আশ্বাস । ৩৪ বছৰৰ পৰা অসম চুক্তিক উপেক্ষা কৰা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ জনসাধাৰণক দিয়া আশ্বাসৰ অপমান৷

অৱশ্য ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী, অসম চুক্তিৰ অনুসৰি সম্প্ৰতি ৰাজ্যত চলি আছে ৷ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম উচ্চতম ন্যায়ালয়ৰ তদাৰকত হৈ আছে ৷ অন্তিম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰকাশৰ কাৰণে মাজত মাথো ১৫ দিন।সম্প্ৰতি সাজু হৈছে প্ৰশাসন ৷ লগতে প্ৰশাসনে সকলো জনসাধাৰণৰ সহযোগিতা আগবঢ়াইছে ৷

অন্য খবৰৰ বাবে পঢ়ক:আচৰিত:এখন অটোৰিক্সাত ২৪ জনঃ ভিডিঅ’ ভাইৰেল

ভিডিঅ প্ৰতক্ষ্য কৰক:73rd Independence Day: CM Sonowal visits Shraddhanjali Kanan in Guwahati

Next Story
চাকৰি