অসমৰ শিল্পীলৈ সংগীত নাটক অকাডেমী বঁটা: যতীন গোস্বামীলৈ সংগীত নাটক অকাডেমী ৰত্ন

অসমৰ শিল্পীলৈ সংগীত নাটক অকাডেমী বঁটা: যতীন গোস্বামীলৈ সংগীত নাটক অকাডেমী ৰত্ন

অসমৰ শিল্পীলৈ সংগীত নাটক অকাডেমী সন্মান প্ৰদান । বিশিষ্ট নৃত্য শিল্পী আৰু কৰিঅগ্ৰাফাৰ যতীন গোস্বামীলৈ অকাডেমী ৰত্ন। দেশৰ ৪গৰাকী বিশেষ ব্যক্তিলৈ স্বীকৃতি প্ৰদান। জাকিৰ হুছেইন, সোণাল মানসিং আৰু কে কল্যাণসুন্দৰম পিল্লাইলৈ স্বীকৃতি প্ৰদান। বঁটাত আছে ৩ লাখ টকা, অংগবস্ত্ৰ আৰু তাম্ৰফলি।

যতীন গোস্বামী এজন প্ৰতিষ্ঠিত সত্ৰীয়া নৃত্য শিল্পী । ১৯৩৩ চনৰ ২ আগষ্টত জন্মগ্ৰহণ কৰিছিল যতিন গোস্বামীয়ে। গোলাঘাট জিলাৰ দেৰগাঁওত জন্ম গ্ৰহণ কৰিছিল । গুৱাহাটীৰ সাহিত্য একাডেমিৰ প্ৰতিস্থাপক আছিল যতীন গোস্বামী। সংগীত নাটক অকাডেমী পৰিষদৰ প্ৰাক্তন সদস্য আছিল ।

২০১৮ চনত সত্ৰীয়া নৃত্য শিল্পী টংকেশ্বৰ হাজৰিকা বৰভূঞা আৰু মুখা শিল্পী হেমচন্দ্ৰ গোস্বামী সংগীত নাটক অকাডেমী সন্মানৰ বাবে নিৰ্বাচন হৈছিল। এই বটা ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব ।

৪৪গৰাকী শিল্পীলৈ সংগীত নাটক অকাডেমী ঘোষণা কৰা হৈছে। মুখাশিল্পী হেমচন্দ্ৰ গোস্বামীলৈ স্বীকৃতি প্ৰদান কৰা হৈছে। গোস্বামীৰ লগতে আন ৯গৰাকীলৈ স্বীকৃতি প্ৰদান। বঁটাত আছে ১ লাখ টকা, অংগবস্ত্ৰ আৰু তাম্ৰফলি। ৰাষ্ট্ৰপতিয়ে এক অনুষ্ঠানত প্ৰদান কৰিব বঁটা। ১৯৫২ চনৰ পৰা প্ৰদান কৰি অহা হৈছে বঁটা।

আনহাতে নৃত্য শিল্পী অঞ্জলি বৰবৰা বৰঠাকুৰ , বাদ্যযন্ত্ৰ শিল্পী মনোজ কুমাৰ দাস আৰু মুকাভিনয় কুলদিপ পাটগিৰিক ২০১৮ চনত ওষ্টাড বিচমিল্লাহ খান যুৱ পুৰস্কাৰৰ বাবে মনোনীত হৈছিল ।

পৰিবেশ্য কলাৰ ক্ষেত্ৰখনলৈ অশীতিপৰ শিল্পীৰ জীৱনজোৰা সাধনাৰ বিৰল স্বীকৃতি প্ৰদান কৰা হয়। ১৯৯৪ চনত বিশিষ্ট শিক্ষাবিদ ডঃ মহেশ্বৰ নেওগ আৰু ২০০৮ চনত সুধাকন্ঠ , ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকা সন্মানীয় একাডেমি ৰত্নৰে বিভূষিত হৈছিল । ইয়াৰ পাছতে ২০১৮ বৰ্ষৰ বাবে একাডেমি ৰত্ন লাভ কৰিবলৈ সক্ষম হয় প্ৰসিদ্ধ নৃত্যগুৰু যতীন গোস্বামী ।

সংগীত নাটক অকাডেমীৰ সৰ্বোচ্চ , সন্মুনীয় আৰু বিৰল এই সন্মানৰ অধিকাৰী যতীন গোস্বামী হৈছে অসমৰ তৃতীয় গৰাকী ব্যক্তি। সত্ৰীয়া নৃত্যক শুদ্ধ ৰূপত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অধিক দায়বদ্ধতা কাম কৰি গৈছে । ২০০৪ চনত নৃত্যচাৰ্য যতীন গোস্বামীয়ে লাভ কৰে সংগীত নাটক একাডেমি বঁটা ।

দেশৰ ৪গৰাকী বিশেষ ব্যক্তিলৈ স্বীকৃতি প্ৰদান। জাকিৰ হুছেইন, সোণাল মানসিং আৰু কে কল্যাণসুন্দৰম পিল্লাইলৈ স্বীকৃতি প্ৰদান। বঁটাত আছে ৩ লাখ টকা, অংগবস্ত্ৰ আৰু তাম্ৰফলি।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com