ৰাজ্যসভাৰ পৰা পদত্যাগ অসমৰ কংগ্ৰেছী সাংসদ ভূৱনেশ্বৰ কলিতাৰ

ৰাজ্যসভাৰ পৰা পদত্যাগ অসমৰ কংগ্ৰেছী সাংসদ ভূৱনেশ্বৰ কলিতাৰ

অসমৰ ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই সাংসদ পদৰ পৰা পদত্যাগ কৰিছে।কিছুসময় পূৰ্বে সকলোকে আচৰিত কৰি তাৎক্ষনিকভাৱে লোৱা সিদ্ধান্তত সকলোকে আচৰিত কৰি তুলিছে ৷ইফালে কলিতাৰ পদত্যাগৰ কাৰণ জানিবলৈ সকলোৱে উৎসুকতা প্ৰকাশ কৰিছে যদিও অৱশ্যে এতিয়ালৈকে কলিতাৰ পদত্যাগৰ কাৰণ জানিব পৰা হোৱা নাই।

ইফালে, ভুৱনেশ্বৰ কলিতা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাত কংগ্ৰেছৰ ‘চীফ হুইপ’ও আছিল।আনহাতে কলিতাৰ আচম্বিত পদত্যাগৰ পিছতে কংগ্ৰেছত তীব্ৰ জোঁকাৰণিৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে অসমৰ পৰা নিৰ্বাচিত আন এগৰাকী ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙেও পদত্যাগ কৰিছিল।সিঙে বিজেপিত যোগদান কৰাৰ বাতৰিও ইতিমধ্যে প্ৰকাশ পাইছে। সঞ্জয় সিঙৰ পাছত পদত্যাগ কৰা ভূৱনেশ্বৰ কলিতা হৈছে অসমৰ দ্বিতীয়গৰাকী সাংসদ।

ভুৱনেশ্বৰ কলিতাৰ পদত্যাগ সন্দৰ্ভত এতিয়াও অন্ধকাৰত আছে প্ৰদেশ কংগ্ৰেছ।

আনহাতে প্ৰদেশ কংগ্ৰেছৰ এক সূত্ৰই জানিব দিয়ে যে প্ৰদেশ কংগ্ৰেছৰ নেতাসকলেও সংবাদ মাধ্যমৰ পৰাহে ভূৱনেশ্বৰ কলিতাই পদত্যাগ কৰাৰ তথ্য লাভ কৰিছে । উল্লেখ্য যে ভুৱনেশ্বৰ কলিতাই বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলক সমৰ্থন কৰাৰ উপৰি সংসদতো সৰৱ হৈ পৰিছিল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com