দুৰ্নীতিগ্ৰস্থ বন বিষয়াক সকিয়নি ৰাজ্যিক বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

দুৰ্নীতিগ্ৰস্থ বন বিষয়াক সকিয়নি ৰাজ্যিক বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ
Published on

ৰাজ্যিক বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ে মংগলবাৰে বন বিভাগৰ সকলো দুৰ্নীতিগ্ৰস্থ বন বিষয়াক সকিয়নি প্ৰদান কৰিছে । ১৫ দিনৰ সময় সীমাৰ ভিতৰত সকলো দুৰ্নীতি সম্পৰ্কীয় কাম বন্ধ কৰি , যি সমূহ ৰাজহ লোকচানৰ সন্মুখীন হৈছে সেয়া ওভতাই আনিবলৈ নিৰ্দেশ দিছে ।

গুৱাহাটী আৰু সোনাপুৰ অঞ্চলত এশৰো অধিক অবৈধ শিল বালি কঢ়িওৱা ট্ৰাক প্ৰতক্ষ্য কৰাৰ পাছতে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ে এই কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে । আনহাতে অফিচিয়েল তথ্য মতে, কেইখন মান বন সম্পদ কঢ়িওৱা ট্ৰাক পাৰ হৈছে ।

গুৱাহাটী আৰু সোনাপুৰৰ চিচিএফ , চেন্ট্ৰেল জন, পিচিচিএফ, পূব কামৰূপ ডি এফ অ আৰু বীট অফিচাৰ সকলৰ সৈতে জৰুৰী বৈঠকত মিলিত হৈছিল । এই বৈঠকতে গুৱাহাটী আৰু সোনাপুৰৰ বন বিষয়া সকলক সকলো অবৈধ ব্যবসায় বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ে ।

লগতে পৰিমল শুক্লবৈদ্যয়ে প্ৰকাশ কৰে যে, " দায়িত্ব গ্ৰহণ কৰাৰ পিছত তেওঁ নিজেই বহু অঞ্চল ব্যক্তিগত ভাৱে পৰিদৰ্শন কৰি অবৈধ ব্যবসায় বন্ধ কৰিছে । এনে অবৈধ ব্যবসায়ৰ বিৰুদ্ধে বহুতো ব্যৱস্থা গ্ৰহণ কৰিছো । এনে অবৈধ ব্যবসায়ত এচাম বন বিষয়া জৰিত থকাৰ কথা অস্বীকাৰ কৰা নাই । এনে কৰ্মকাণ্ডৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি প্ৰকাশ কৰে । দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল এইখন চৰকাৰ । অবৈধ ব্যবসায়ৰ বিৰুদ্ধে শীঘ্ৰেই ব্যবস্থা গ্ৰহণ কৰা হব বুলি প্ৰকাশ কৰে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com