Begin typing your search above and press return to search.

ৰাজ্যৰ ব্যক্তিগত কৰ্ম সংস্থাপনা প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ ৰাজ্য চৰকাৰৰ

ৰাজ্যৰ ব্যক্তিগত কৰ্ম সংস্থাপনা প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ ৰাজ্য চৰকাৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Jun 2019 7:43 AM GMT

ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ নিয়োগৰ সংস্থাসমূহক তদন্ত কৰাৰ উদ্দেশ্যত, বিধানসভাত এখন আইনৰ প্ৰসংগ উত্থাপন কৰাৰ প্ৰস্তুতি কৰিছে অসম চৰকাৰে ৷ প্ৰস্তাবিত আইনখনৰ উদ্দেশ্য হৈছে , বহিঃৰাজ্যত কৰ্মৰত শ্ৰমিক সকলৰ সুৰক্ষা প্ৰদান কৰা । ইফালে ৰাজ্যৰ গৃহ বিভাগে মন্তব্য কৰিছিল যে প্ৰস্তাৱিত আইনৰ কঠোৰ নীতি নিয়মৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে ৷

গতিকে এই আইনক ৰাজ্যৰ মন্ত্ৰী মন্ত্ৰীসভাই ৩ জুনৰ পুৰ্বেই মঞ্জুৰী দিয়ে ৷ আৰু ইয়াক অনাগত বিধানসভাত উত্থাপন কৰাৰ সম্ভাৱনা আছে ৷ অন্যহাতে এবাৰ যদি প্ৰস্তাৱিত আইনখন গৃহীত হয় তেতিয়া অসমৰ বহু ব্যক্তিগত প্ৰতিষ্ঠানত নীতি নিয়মৰ উলংঘন কৰা লোকসকলৰ কাৰণে সাত বছৰ কাৰাবাসৰ লগতে এক লাখ টকাৰ জৰিমনা হ’ব পাৰে ।

এনে ধৰণৰ বিষয়ত অসম তথা ৰাজ্যৰ শ্ৰম কল্যান বিভাগ তথা অসম চৰকাৰৰ বিষয়াসকলে এই অধিনিয়মৰ কাৰণে অধিসূচনা জাৰী কৰিব ৷ ইফালে,ব্যক্তি তথা শিক্ষিত,দক্ষ আদি বিভিন্ন ব্যক্তিৰ গোটেৰে এটি ব্যক্তিগত প্ৰতিষ্ঠানৰ গঠন হয়। ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ প্ৰসংগৰ কথা উল্লেখ থাকে যে এই আইনখনৰ জৰিয়তে নিয়োজিত শ্ৰমিকসকলৰ নিয়োগ কৰাৰ সম্পূৰ্ণ বিৱৰণ প্ৰস্তুত কৰিবলৈ কয়।

অন্যান্য গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ভিতৰত প্ৰত্যেক ব্যক্তিগত প্ৰতিস্থানসমূহত এখন নাম পঞ্জীয়ন কৰা বহী থাকিব ৷য’ত কৰ্মৰত ব্যক্তিসকলৰ নাম,লিংগ,স্থায়ী ঠিকনা,ফটো,পদৰ নাম,শ্ৰমিকৰ বিৱৰণ আদি উল্লেখ থাকিব ৷ ইয়াৰোপৰি এনে ধৰণৰ প্ৰতিষ্ঠানসমূহে নিজৰ প্ৰতিষ্ঠানৰ নাম লাইচেন্স নম্বৰৰ সহিতে এখন চাইনবৰ্ড লগোৱা হ’ব ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি