এন আৰ চি প্ৰকাশৰ পৰবৰ্তী পৰিস্থিতিৰ বাবে সাজু অসম চৰকাৰ

শুকুৰবাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দাবী আৰু আপত্তি গোচৰৰ শুনানি সমাপ্ত হোৱাৰ পাছত ৩১ জুলাইত এন আৰ চিৰ চুৰান্ত তালিকা প্ৰকাশ পিছৰ পৰিস্থিতিৰ বাবে সাজু হৈছে অসম চৰকাৰ।
এন আৰ চিৰ কৰ্তন তালিকাত ১,০২,৪৬২ লোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। যিসকল এন আৰ চিৰ চুৰান্ত খচৰাত নাম অন্তৰ্ভুক্ত কৰিবলৈ অযোগ্য ।
আনহাতে, যিসকল লোকৰ নাম এন আৰ চিৰ সম্পূৰ্ণ খচৰাত অন্তভূক্ত হোৱা নাছিল , তেওঁলোকে এন আৰ চিৰ চুৰান্ত খচৰাত নাম অন্তৰ্ভুক্ত কৰিবলৈ এন আৰ চিৰ কতৃপক্ষক আবেদন কৰিছিল । যিসকল লোকে নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিছিল , তেওঁলোকে যদি শুনানিৰ জাননী লাভ কৰা নাছিল , তেওঁৰ সেই আবেদন ত্যাগ কৰা হৈছিল ।
পৰবৰ্তী সপ্তাহত শুনানি গ্ৰহণৰ প্ৰক্ৰিয়া শেষ হব । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ৩১ জুলাইত এন আৰ চি চুৰান্ত খচৰা প্ৰকাশ কৰা হব । ৩১ জুলাইৰ পিছত পৰিস্থিতিৰ বাবে ইতিমধ্যে গৃহ বিভাগে দিছপুৰক নীতি নিৰ্দেশনা দিছে।
জিলা ভিত্তিক দিছপুৰে ৰাজ্য খনক ৬ ভাগত বিভক্ত কৰিছে । গৃহ আৰু ৰাজনৈতিক বিভাগ আৰু অসম আৰক্ষীৰ উপস্থিতিত ৬ টা শাখাত কৌশল সমূহৰ ওপৰত আলোচনা কৰা হব । শুকুৰবাৰে প্ৰথম খন বৈঠকৰ তেজপুৰত অনুষ্ঠিত হয় । এই বৈঠকত শোণিতপুৰ , বিশ্বনাথ, ধেমাজি, লক্ষিমপুৰ , ওদালগুৰিৰ প্ৰয়োগ কৌশল সমূহৰ ওপৰত আলোচনা কৰে । গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণা, আইন আৰু আদেশৰ অতিৰিক্ত ডিজি মুকেশ আগৰৱালা আৰু আই জি পি হিৰেন চন্দ্ৰ নাথ উপস্থিত আছিল এই বৈঠকত । নগাঁও শাখাৰ বৈঠক ১৩ জুলাইত, যোৰহাটত ১৬ জুলাই, শিলচৰ ১৮ জুলাই , বঙাইগাঁও ২১ জুলাই আৰু গুৱাহাটীত ২৩ জুলাইত অনুষ্ঠিত হব ।
অধিক খবৰৰ বাবে পঢ়ক: এন আৰ চি উন্নীতকৰণ: বায়মেট্ৰিকৰ সময়সীমা বৃদ্ধিৰ সম্ভাৱনা