অসম চৰকাৰে বৈষম্য আঁতৰাই শিক্ষানুষ্ঠানত সমান মাচুলৰ ব্যবস্থা কৰিছে

অসম চৰকাৰে বৈষম্য আঁতৰাই শিক্ষানুষ্ঠানত সমান মাচুলৰ ব্যবস্থা কৰিছে

সমগ্ৰ ৰাজ্যতে বৈষম্য আঁতৰাই শিক্ষা অনুষ্ঠান সমূহত অসম চৰকাৰে সমান মাচুলৰ ব্যবস্থা কৰিছে । উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্ৰীৰ শিক্ষাৰ্থী সকলৰ বাবে ইউনিফৰ্ম ফী ট্ৰাকচাৰৰ ব্যবস্থা কৰা হব বুলি প্ৰকাশ কৰে । ২০১৯-২০ চনৰ শিক্ষা বৰ্ষত ইউনিফৰ্ম ফী ট্ৰাকচাৰ নীতি গ্ৰহণ কৰা হব ।উচ্চতৰ শিক্ষা পৰিষদৰ অধক্ষ্যয়ে সকলো শিক্ষা প্ৰতিষ্ঠানৰ বাবে ফী ট্ৰাকচাৰ নীতিত অনুমোদন জনাইছে ।পৰিষদে ইতিমধ্যে এই প্ৰস্তাৱত অনুমোদন জনাইছে আৰু চৰকাৰে দিয়া নীতিত কিছু সাল-সলনি কৰা হৈছে ।

ইউনিফৰ্ম ফী ট্ৰাকচাৰ নীতিৰ অধিনত মাচুল সমুহ অঞ্চল বিশেষে বেলেগ বেলেগ হব । মেট্ৰ, চহৰ অথবা গাঁও অঞ্চলত বেলেগ বেলেগ হব মাচুল সমূহ । উচ্চতৰ মাধ্যমিকত লৰাৰ তুলনাত ছোৱালীৰ মাচুল কম হব । ছাত্ৰী বাবে মেট্ৰত মাচুলৰ পৰিমাণ হৈছে ৪,৩২০ , নগৰ অঞ্চলত ৩,৯২০ আৰু গ্ৰাম্য অঞ্চলত মাচুল ৩,৪২০ টকা ।

উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান বিভাগৰ ছাত্ৰৰ বাবে মেট্ৰত মাচুলৰ পৰিমাণ ৫,৩৯০ টকা, নগৰ অঞ্চলত ৪,৯৯০ টকা আৰু গ্ৰাম্য অঞ্চলৰ বাবে ৪,৪৯০ টকা মাচুল পৰিশোধ কৰিব লাগিব । বিজ্ঞান শাখাত ছাত্ৰীৰ বাবে মেট্ৰত ৪,৬৭০ টকা মাচুল, নগৰ অঞ্চলত ৪,২৭০ টকা আৰু গ্ৰাম্য অঞ্চলত ৩,৭৭০ টকা মাচুল ।

স্নাতক ডিগ্ৰীৰ সাধাৰণ পাঠ্যক্ৰমৰ বাবে কলা আৰু বানিজ্য শাখাত ছাত্ৰৰ বাবে মেট্ৰত ৫,৬২০ টকা মাচুল, নগৰ অঞ্চলত ৫,৩২০ টকা আৰু গ্ৰাম্য অঞ্চলত ৪,৭২০ টকা মাচুল পৰিশোধ কৰিব লাগিব । আনহাতে মেজৰ পাঠ্যক্ৰমৰ বাবে মেট্ৰত ৫,৮৪০ মাচুল, নগৰ অঞ্চলৰ বাবে ৫,৫৪০ আৰু গ্ৰাম্য অঞ্চলৰ বাবে ৪,৯৪০ মাচুল ধাৰ্য কৰা হৈছে ।

বিজ্ঞান শাখাৰ স্নাতক ডিগ্ৰীৰ পাঠ্যক্ৰমৰ বাবে মেট্ৰত মাচুল ৬,০৪০ , নগৰ অঞ্চলত ৫,৭৪০ আৰু গ্ৰাম্য অঞ্চলৰ বাবে ৫,১৪০ টকা ধাৰ্য কৰা হৈছিল । বিজ্ঞান শাখাৰ মেজৰ পাঠ্যক্ৰমৰ বাবে মেট্ৰত ৬,৮২০ , নগৰ অঞ্চলত ৬,৫২০ আৰু গ্ৰাম্য অঞ্চলত ৫,৯২০ মাচুল পৰিশোধ কৰিব লাগিব ।

এচটাব্লিচমেন্ট কষ্টৰ পৰা বিভিন্ন খৰচ যেনে বিদুৎৰ বিল, শ্ৰেনীকোঠাৰ মেৰামতি , অন্যান্য কামত ব্যয় কৰা হব । ২০১৯-২০ চনৰ শিক্ষা বৰ্ষত ইউনিফৰ্ম ফী ট্ৰাকচাৰ নীতি গ্ৰহণ কৰা হব ।উচ্চতৰ শিক্ষা পৰিষদৰ অধক্ষ্যয়ে সকলো শিক্ষা প্ৰতিষ্ঠানৰ বাবে ফী ট্ৰাকচাৰ নীতিত অনুমোদন জনাইছে বুলি প্ৰকাশ কৰে।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com