Begin typing your search above and press return to search.

১ লাখ ভূমি পট্টা প্ৰদান কৰা হ'ব দেশীয় ভূমিহীন লোকক

১ লাখ ভূমি পট্টা প্ৰদান কৰা হব দেশীয় ভূমিহীন লোকক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Sep 2019 1:32 PM GMT

১ লাখ ভূমি পট্টা প্ৰদান কৰা হ'ব দেশীয় ভূমিহীন লোকক। অসম চৰকাৰৰ সিদ্ধান্ত অনুসৰি ৰাজ্যৰ ভূমিহীন দেশীয় মানুহক প্ৰদান কৰা হ'ব ১ লাখ ভূমি পট্টা। ইতিমধ্যে এই সম্পৰ্কে উপায়ুক্তই ৰাজস্ব বিভাগ (revenue and disaster management) এই সন্দৰ্ভত অবগত কৰাইছে আৰু আৰম্ভ কৰিছে মানদণ্ডৰ ভিত্তিত উপযুক্ত উত্তৰাধিকাৰী বাচনি প্ৰক্ৰিয়া।

আনহাতে গ্ৰামীণ অঞ্চলত উপায়ুক্তই প্ৰত্যক্ষ ভাৱে উত্তৰাধিকাৰী সকলক বাচনি কৰি ভূমি পট্টা প্ৰদান কৰিব। ইফালে নগৰ অঞ্চলত উপায়ুক্ত ই ভূমি অধিকাৰী সকলৰ এখন নামৰ তালিকা প্ৰস্তুত কৰি land advisory committee ত পাছ হোৱা পিছত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা (revenue and disaster management) ক প্ৰেৰণ কৰিব লাগিব।

চহৰ অঞ্চলৰ চূড়ান্ত বাচনি তালিকা খন ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা (The revenue and disaster management) এ প্ৰদান কৰিব।মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালে চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকা প্ৰকাশৰ আগেয়েই যোগ্য ভূমিহীন মানুহখিনিৰ তালিকা প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়ে উপায়ুক্তক। এখন সভাৰ জৰিয়তে এই কথা সাদৰি কৰে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ।ভূমি হীন মানুহক ভূমি পট্টা প্ৰদান কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এক আদৰনীয় পদক্ষেপ।

অধিক খবৰৰ বাবে পঢ়ক: শক্তি মন্ত্ৰীয়ে স্থাপন কৰিলে আধাৰশিলা লগতে প্ৰদান কৰিলে ভূমি পট্টা

ভিডিঅ প্ৰতক্ষ্য কৰক:Mobile phones worth Rs 20 lakh stolen at Sonari in Charaideo | The Sentinel News | Assam News

Next Story
চাকৰি