বিদেশী সকলক মুকলি কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ নীতি প্ৰস্তুত

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে বিদেশী ন্যায়াধীশকৰনে ঘোষণা কৰা বিদেশী সকলক মুকলি কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে নীতি প্ৰস্তুত কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৬ টা ডিটেনচন কেম্পত ৩ বছৰতকৈ অধিক সময় ধৰি থকা বিদেশী সকলক মুকলি কৰাৰ ক্ষেত্ৰত চৰ্ত সমূহ প্ৰস্তুত কৰা হৈছে । বৰ্তমান সীমান্ত অসম আৰক্ষী বিদেশী সকলক বিচাৰি উলিওৱাত ব্যস্ত বুলি প্ৰকাশ কৰে ।
সূত্ৰয়ে প্ৰকাশ কৰা মতে গৃহ আৰু ৰাজনীতি বিভাগৰ লগতে আইন বিভাগেৰ পৰা মডেলিটি তথা নীতি সম্পৰ্কত মতামত লোৱা হৈছে । আইন বিভাগে প্ৰতক্ষ্য কৰাৰ পিছত গৃহ আৰু ৰাজনীতি বিভাগে এই মডেলিটি সমূহৰ সন্দৰ্ভত মতামত বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে । গৃহ মন্ত্ৰালয়ে অনুমতি প্ৰদান কৰিছে অসম চৰকাৰে বিদেশী সকলক মুকলি ক্ষেত্ৰত জাননী জাৰি কৰিব পাৰে ।
এই মডেলিটি সমূহত বিদেশী সকলকে কেনেকৈ আবেদন কৰিব পাৰিব মুকলি কৰি দিয়াৰ চৰ্ত সমূহ আৰু আন আন নীতি সমূহ সন্নিবিষ্ট কৰা হৈছে ।
সূত্ৰয়ে প্ৰকাশ কৰা মতে ১০০ অধিক বিদেশী বুলি ঘোষণা কৰা লোক থকাৰ লগতে আৰু বিদেশী বুলি অভিযুক্ত লোক আছে ডিটেনচন কেম্প সমুহত । ২০১৯ চনৰ ৩১ জানুৱাৰীলৈকে ৰাজ্যৰ ৬ টা ডিটেনচন কেম্পত ৯৩৮ বিদেশী আছে। এই ডিটেনচন কেম্প সমুহ আছে গোৱালপাৰা আৰু কোকৰাঝাৰৰ জিলা কাৰাগাৰৰ লগতে শিলচৰ, ডিব্ৰুগড়, যোৰহাট আৰু তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত ।
পূৰ্বতে দিছপুৰে উচ্চতম ন্যায়ালয়ক ৰাজ্যৰ ডিটেনচন কেম্প সমুহত ৫ বছৰৰ অধিক সময় থকা বিদেশী সকলক কিছুমান চৰ্ত সাপেক্ষে মুকলি কৰি দিয়া এক শপতনামা দাখিল কৰিছিল । প্ৰথমতে এপেক্স কোৰ্টে এই প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰিছিল আৰু ১০ মেত ৰাজ্যৰ ডিটেনচন কেম্প সমুহত ৩ বছৰতকৈ অধিক সময় থকা বিদেশী সকলক চৰ্তসাপেক্ষে মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে ।
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ সঞ্জীৱ খান্নাৰ বিচাৰপীঠে এই ৰায় দিয়ে ।উচ্চতম ন্যায়ালয়ে কিছুমান চৰ্ত নিৰ্ধাৰণ কৰি দিছে । পাঁচটা চৰ্ত আৰোপ কৰি ন্যায়ালয়ে কয় যে এনেদৰে মুকলি কৰি দিব লগা বিদেশীয়ে দুগৰাকী ভাৰতীয় লোকৰ নিশ্চিত থকা ১ লাখ টকাৰ বণ্ড দাখিল কৰিব লাগিব । ১০ টা আঙুলি চাপ আৰু ফটো ডাতাবেছত সংৰক্ষণ কৰিব ডিটেনচন কেম্পৰ পৰা মুকলি কৰাৰ পিছত, লগতে মুকলি হোৱাৰ আগত ঠিকনা সমূহ পৰীক্ষা কৰা হব ।
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি