Begin typing your search above and press return to search.

অসম চৰকাৰে পৰ্যায়ক্ৰমে ৩৩,০০০ খিলঞ্জীয়া ভূমিহীন লোকক ভূমি পাট্টা জাৰি কৰিব

অসম চৰকাৰে পৰ্যায়ক্ৰমে ৩৩,০০০ খিলঞ্জীয়া ভূমিহীন লোকক ভূমি পাট্টা জাৰি কৰিব

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Jan 2020 5:40 AM GMT

অসম চৰকাৰে পৰ্যায়ক্ৰমে ৩৩,০০০ খিলঞ্জীয়া ভূমিহীন লোকক ভূমি পাট্টা জাৰি কৰিব । ৰাজ্যত লাখ লাখ খিলঞ্জীয়া ভূমিহীন লোকৰ সংখ্যা প্ৰকাশ হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতধীন চৰকাৰ খনে এই বিত্তীয় বৰ্ষত এক লাখ ভূমিহীন খিলঞ্জীয়া লোকক ভূমি পাট্টা প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । এতিয়ালৈ এই লক্ষ্য সম্পূৰ্ণ পূৰণ হোৱা নাই যদিও এতিয়াও ইয়াৰ প্ৰক্ৰিয়া চলি আছে ।

এই বিত্তীয় বৰ্ষত দ্বিতীয় বাৰৰ বাবে ৰাজ্য চৰকাৰে মঙ্গলবাৰে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰায় ৩৩,০০০ খিলঞ্জীয়া ভূমিহীন লোকক পৰ্যায়ক্ৰমে ভূমি পাট্টা আৰু অবন্তন প্ৰমান পত্ৰ প্ৰদান কৰিব ।

ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সংশ্লিষ্ট জিলা প্ৰশাসকৰ দ্বাৰা প্ৰেৰণ কৰা ৰিপোৰ্টৰ আধাৰত খিলঞ্জীয়া ভূমিহীন লোকক পৰ্যায়ক্ৰমে ভূমি পাট্টা আৰু অবন্তন প্ৰমান পত্ৰ দিয়াৰ বাবে সকলো ধৰণৰ ব্যৱস্থা হাতত লৈছে । ইয়াৰ পূৰ্বে এই বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰায় ১২,০০০ ভূমিহীন লোকক ভূমি পাট্টা আৰু অবন্তন প্ৰমান পত্ৰ প্ৰদান কৰিছিল। ৰাজ্যৰ প্ৰায় ৪৫,০০০ ভূমিহীন লোকক ভূমি পাট্টা আৰু অবন্তন প্ৰমান পত্ৰ প্ৰদানৰ বাবে এই বিত্তীয় বৰ্ষৰ প্ৰথমতে হিচাপ কৰা যাব ।

মঙ্গলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ প্ৰায় ৪,৫১৩ ভূমিহীন খিলঞ্জীয়া লোকৰ মাজত ৩,০০৯ অবন্তন প্ৰমান পত্ৰ আৰু ১,৫০৪ পাট্টা প্ৰদান কৰিব । ৰাজ্যৰ আন মন্ত্ৰী সকলেও বিভিন্ন জিলাত এনেদৰে ভূমি পাট্টা প্ৰদান কৰিব। মাজুলীত প্ৰসিদ্ধ সত্ৰ বৈষ্ণৱ সত্ৰৰ প্ৰায় হাজাৰ হাজাৰ ভূমিহীন লোক আছে ।

ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সূত্ৰই দাবী কৰা অনুসৰি এই বিভাগৰ ইতিহাসত ইয়াৰ পূৰ্বে কেতিয়াও এক দিনত এই বৃহৎ সংখ্যক ভূমিহীন খিলঞ্জীয়া লোকক ভূমি পাট্টা আৰু অবন্তন প্ৰমান পত্ৰ প্ৰদান কৰা হোৱা নাছিল ।

অন্য খবৰৰ বাবে পঢ়ক : নতুন দিল্লীত স্বাক্ষৰ হ’ল ঐতিহাসিক তৃতীয় খন বড়ো শান্তি চুক্তি

ভিডিঅ প্ৰতক্ষ্য কৰক : Noted Exponent of Folk Culture Dr Krishna Kanta Handique conferred with ‘Bukul Ban Award 2020’

Next Story
চাকৰি