Begin typing your search above and press return to search.

চৰ্ত সাপেক্ষে বিদেশীক মুকলি কৰি দিয়াকলৈ তৎপৰ ৰাজ্য চৰকাৰ

চৰ্ত সাপেক্ষে বিদেশীক মুকলি কৰি দিয়াকলৈ তৎপৰ ৰাজ্য চৰকাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 May 2019 8:22 AM GMT

ৰাজ্যৰ ডিটেনচন কেম্পত বন্দী হৈ থকা বিদেশী সকলক চৰ্ত সাপেক্ষে মুকলি কৰি দিয়াৰ ক্ষেত্ৰত চৰ্ত সমূহ নিৰ্ধাৰণত অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ গ্ৰহণ কৰিছে । ১০ মেত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনাৰ ভিত্তিত চৰ্ত সমূহ নিৰ্ধাৰণ কৰা হয় ।

ডিটেনচন শিবিৰত থকা বন্দী সকলক কেনেকৈ আবেদন কৰিব লাগিব, মুকলি কৰি দিয়াৰ চৰ্ত আৰোপ অন্যান্য সমূহ জাননীত সন্নিবিষ্ট থাকিব । ৰাজ্যৰ ৬ টা আশ্ৰয় শিবিৰত তিনি বছৰতকৈও অধিক সময় বন্দী হৈ থকা বিদেশী সকলৰ প্ৰকৃত নম্বৰ বিচাৰি উলিয়াবলৈ ব্যস্ত হৈ পৰিছে সীমান্ত অসম আৰক্ষী ।

২০১৯ চনৰ ৩১ জানুৱাৰীলৈকে ৬ টা আশ্ৰয় শিবিৰত ৯৩৮ গৰাকী বিদেশী আছে। আশ্ৰয় শিবিৰ কেইটা গোৱালপাৰা, কোকৰাঝাৰৰ জিলা কাৰাগাৰত আৰু শিলচৰ, ডিব্ৰুগড়, যোৰহাট আৰু তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰত আছে।

আশ্ৰয় শিবিৰত ৫ বছৰতকৈ অধিক সময় থকা বিদেশী সকলক চৰ্তসাপেক্ষে মুকলি কৰি দিয়াৰ বাবে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ক এক শপতনামা দাখিল কৰিছিল । সেই সময়ত বিদেশীৰ সংখ্যা আছিল ৩৫ জন । কিন্তু এপেক্স কোৰ্টে এই আবেদন খাৰিজ কৰিছিল ।

১০ মেত উচ্চতম ন্যায়ালয়ে ৩ বছৰতকৈ অধিক সময় অসমৰ ডিটেনচন কেম্পত বন্দী হৈ থকা বিদেশী সকলক চৰ্তসাপেক্ষে মুকলি কৰি দিয়াৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰে । মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাৰ বিচাৰপীঠে কিছুমান চৰ্ত সাপেক্ষে মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা পাছতে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ|

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি