Begin typing your search above and press return to search.

ঈদৰ উপলক্ষে অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ শুভেচ্ছা বাৰ্তা

ঈদৰ উপলক্ষে অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ শুভেচ্ছা বাৰ্তা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Jun 2019 8:31 AM GMT

ঈদৰ উপলক্ষে অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ শুভেচ্ছা বাৰ্তা৷ ৰাজ্যপাল জগদীশ মুখীয়ে ইছলাম ধৰ্মী লোকসকলৰ উৎসৱ ঈদৰ, পবিত্ৰ ক্ষণত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। ইছলাম ধৰ্মীলোকসকললৈ দিয়া শুভেচ্ছা বাৰ্তাত ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে ঈদ উল ফিটৰৰ অৰ্থ হৈছে উপবাস ভঙাৰ উৎসৱ ৷ এই উৎসৱ ইছলাম ধৰ্মীলোকসকলৰ সামাজিক ৰীতি নীতিৰ বিশ্বাসৰ ওপৰত আধাৰিত ৷

জগদীশ মুখীয়ে লগতে কয় যে ঈদ উল ফিট উৎসৱে জনসাধাৰণৰ মাজলৈ সুখ,শান্তি,সমৃদ্ধি আৰু আশাৰ বতৰা কঢ়িয়াই আনে ৷ ঈদে আমাৰ প্ৰত্যেকৰ মাজলৈ সম্প্ৰীতি তথা ভাতৃত্ববোধ কঢ়িয়াই আনে ৷ মানৱতাৰ কাৰণে নিজক সমৰ্পিত কৰিবলৈ প্ৰেৰণা দিয়ে ঈদৰ উৎসৱে। এই মন্তব্য ৰাজ্যপাল জগদীশ মুখীৰ ৷

ইফালে ,এক প্ৰেছ বিবৃত্তি অনুসৰি ৰাজ্যপাল মুখীয়ে ঈদৰ পবিত্ৰ ক্ষণে শান্তি,সম্প্ৰীতি,আৰু সাৰ্বজনীন ভাতৃত্ববোধৰ বান্ধোন কটকটীয়া কৰিব বুলি মন্তব্য কৰে ৷ উল্লেখ্য যে, ৰাজ্যপাল জগদীশ মুখীৰ উপৰিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালকে ধৰি ৰাজ্যৰ বিভিন্ন লোকে ঈদ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি