অসম বিধানসভাত বৰাক উপত্যকাৰ বিষয়ে আলোচনা

অসম বিধানসভাত বৰাক উপত্যকাৰ বিষয়ে আলোচনা

অসম বিধানসভাৰ ইতিহাসত প্ৰথম বাৰৰ কাৰণে বৰাক উপত্যকাৰ সামগ্ৰিক উন্নয়নৰ বিষয়ে দীৰ্ঘ সময় ধৰি আলোচনা কৰা হয় ৷ভাৰতৰ বুকুত অসমক অন্যতম শক্তিশালী ৰাজ্য হিছাপে প্ৰতিষ্ঠা কৰিবলৈ ব্ৰহ্মপুত্ৰ উপত্যকা দৰে বৰাক উপত্যকাৰ জনসাধাৰণৰ সম উন্নয়ন,সম বিকাশত গুৰুত্ব দিব লাগিব ৷

বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ সম উন্নয়নৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টাৰে কাম কৰিলেহে অসম জাকত জিলিকা হৈ ৰ’ব আৰু তেতিয়া কেৱল ভাৰতৰ ভিতৰতেই নহয় বিশ্বত অসম শক্তিশালী ৰাজ্য হিছাপে জাকত জিলিকি উঠিব ৷ এই মন্তব্য সৰ্বানন্দ সোনোৱালৰ ৷ অসম বিধানসভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীৰ উদ্যোগত আৰ্থ সামাজিক উন্নয়ন বৰাক উপত্যকা শীৰ্ষক বিষয়ক লৈ সদনত আলোচনা হয়। এই আলোচনাত বৰাক উপত্যকাৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বহু সংখ্যক লোকে ব্যাখ্যা আগবঢ়ায় ৷

মুখ্যমন্ত্ৰী সোনোৱালে সদনত মন্তব্য কৰে যে বৰাক ব্ৰহ্মপুত্ৰ সম বিকাশৰ কাৰণে সকলো চৰকাৰ দৃঢ় প্ৰতিজ্ঞ ৷ দুয়োটা উপত্যকাৰ বিকাশৰ কাৰণে চৰকাৰে বহু পদক্ষেপ হাতত লৈছে ৷বৰাক উপত্যকাৰ বিষয়ে উল্লেখ কৰি সোনোৱালে কয় যে মোৰ চৰকাৰে বৰাকত এখন সৰু সচিবিালয় স্থাপন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

এবাৰ সচিবালয়ত এখন সৰু সচিবালয় স্থাপন হোৱাৰ পিছত বিভিন্ন প্ৰশাসনিক অথবা অন্যান্য কাৰ্যৰ কাৰণে ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহিব নালাগে ৷ লগতে বৰাক উপত্যকাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বিমান বন্দৰত স্থাপন কৰাৰ কথা উল্লেখ কৰে৷ চিপাহী বিদ্ৰোহৰ সময়ত আত্মবলিদান দিয়া কৰিমগঞ্জৰ ২৬ গৰাকী বীৰ শ্বহীদৰ স্মৃতিত পৰ্যটন কেন্দ্ৰ নিৰ্মাণৰ বাবেও ভাৰত চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব বুলি মুখ্যমন্ত্ৰী সোনোৱালে ব্যক্ত কৰে ৷

তদুপৰি কৰিমগঞ্জত মেডিকেল কলেজ স্থাপনৰ পদক্ষেপ লোৱাৰ কথাও বিধানসভাত মন্তব্য কৰে ৷অসমত এতিয়াও বহু শক্তি,দক্ষতা,মূল্যবোধ লুকাই আছে ৷এই শক্তি,দক্ষতাসমূহ আৱিস্কাৰ কৰি সদ্ব্যব্যৱহাৰৰ জৰিয়তে ৰাজ্যখনক আগুৱাই নিব লাগিব ।সোনোৱালে লগতে কয় যে পৰ্যটকসকলক আকৰ্ষণ কৰিবৰ কাৰণে বৰাকত সকলো ব্যৱস্থা লোৱা হ’ব ৷আৰু কৰিমগঞ্জত ভাৰত বাংলাদেশ সীমা বিকশিত কৰিবৰ কাৰণে কেন্দ্ৰৰ লগত সম্পৰ্ক স্থাপন কৰাৰ কথাও উল্লেখ কৰে ৷

ইফালে বৰাক- ব্ৰহ্মপুত্ৰৰ লোকসকলৰ মাজত লাহে লাহে মতভেদ হ্ৰাস পাইছে বুলি কয় সোনোৱালে ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে বৰাক উপত্যকাত সকলো দুৰ্নীতিৰ অৱসান ঘটাই বিকাশৰ পথত বৰাকক আগুৱাই লৈ যোৱাৰ কথা কয় ৷ইফালে বৰাক উপত্যকাতৰ সৰ্বতো প্ৰকাৰৰ বিকাশৰ প্ৰসংগক আলোচনাত ভাগ লয় ৰাজদ্বীপ গোৱালা,জামালউদ্দিন,ৰমেন্দ্ৰ নাৰায়ণ কলিতা,ৰঞ্জিত কুমাৰ দাস,কিশোৰ নাথ,আমিনুল ইছলাম লস্কৰ,মানসিং ৰংপি,ৰূপজ্যোতি কুৰ্মী,কৃষ্ণেন্দু পাল আদি ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com