Begin typing your search above and press return to search.

অসমত বিনামূলীয়া আইনী সেৱা লাভ কৰা সুবিধা

অসমত বিনামূলীয়া আইনী সেৱা লাভ কৰা সুবিধা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Sep 2019 4:50 AM GMT

অসমত বিনামূলীয়া আইনী সেৱা লাভ কৰা ব্যৱস্থা আছে। ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ অন্তৰ্গতত ৰাজ্যৰ আইনী সেৱা প্ৰাধিকৰণৰ অসমৰ জিলাসমূহত আইনী সেৱাৰ সুবিধা আছে। অসম ৰাজ্যিক আইনী সেৱাৰ অধীনত ৰঙিয়া আৰু পাঠশালাত দুটা তালুক আছে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত এএচএলএচএৰ নতুন কাৰ্যালয়ৰ লগতে কামৰূপ মেট্ট’ গুৱাহাটীত জিলা আৰু সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ত ডিএলএচএৰ কাৰ্যালয় আছে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰয়োজন অনুসাৰে বিনামূলীয়াকৈ আইনী সাহাৰ্য্য প্ৰদান কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ত বিনামূলীয়া আইনী সহায় লাভ কৰিবলৈ হলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আইনী সহায়ৰ কমিটী মাধ্যমেৰে যাব লাগিব ৷যিসকলৰ এনে ধৰণৰ সহায়ৰ আৱশ্যক হয় তেওঁলোকে আবেদনৰ মাধ্যমেৰে বা আদালতত শুনানিৰ সময়ত এনেধৰণৰ সহায় লাভ কৰিব পাৰে।

বিনামূলীয়া আইনী সেৱা আঠটা শ্ৰেণীৰ কাৰণে উপলব্ধ ৷অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি,মহিলা আৰু শিশু,বিকলাংগ ব্যক্তি,ঔদ্যোগিক কৰ্মচাৰী,৩ লাখতকৈ কম উপাৰ্জন কৰা লোক আদি ৷

অন্য খবৰৰ বাবে পঢ়ক:বিদেশী ন্যায়াধীকৰণৰ সদস্যক লৈ ন্যায়ধীশ অৰূপ কুমাৰ গোস্বামীৰ মন্তব্য

ভিডিঅ প্ৰতক্ষ্য কৰক:Watch Durga Puja Preparations from Sivasagar’s Amguri | The Sentinel News | Assam News

Next Story
চাকৰি