Begin typing your search above and press return to search.

অসম আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ পিছত দেশজুৰি চৰ্চা

অসম আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ পিছত দেশজুৰি চৰ্চা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Jun 2019 8:03 AM GMT

অসম আৰক্ষীয়ে ৫৯০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হোৱাৰ পাছত এই খবৰে দেশত চাঞ্চ্যলৰ সৃষ্টি কৰিছে ।

চাগালিয়া চেক পইন্টত এই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে । ধুবুৰী আৰক্ষী নেতৃত্বত ৫৯০ কেজিৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে । টুইটাৰযোগে অসম আৰক্ষীয়ে এই কথা প্ৰকাশ কৰে মংগলবাৰে । টুইটাৰতপ্ৰকাশ পোৱা এই পষ্টটোত গাঞ্জাৰ ফটোও সন্নিবিষ্ট কৰি দিয়া হৈছিল ।

এই বৃহৎ সংখ্যক গাঞ্জা জব্দ কৰিবলৈ সক্ষম হোৱাত প্ৰশংসা কৰিছে অসম আৰক্ষীয়ে । টুইটাৰত প্ৰকাশ কৰাৰ পাছতে এই খবৰে তীব্ৰ চৰ্চা লাভ কৰিছে । এই টুইটত ১৯,০০০ ৰো অধিক লাইক লাভ কৰাৰ লগতে বিখ্যাত কমেডিয়ান পাপা চি জেও এই পদক্ষেপত প্ৰশংসা কৰে।

অসম আৰক্ষীয়ে পাপা চি জে ৰ কমেন্টত মন্তব্য কৰিছে ।ধুবুৰী আৰক্ষীয়ে ৫৯০ কেজি জব্দ কৰিবলৈ সক্ষম হোৱাত অসম আৰক্ষীয়ে অভিনন্দন জ্ঞাপন কৰে । এই পষ্টটো ৭.৬ k ৰিটুইট কৰে ।

assam-police

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি