পেপাৰ মিলৰ ক্ষেত্ৰত চৰকাৰৰ স্পষ্ট স্থিতি বিছাৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে

পেপাৰ মিলৰ ক্ষেত্ৰত চৰকাৰৰ স্পষ্ট স্থিতি বিছাৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে নগাঁও কাগজ কল আৰু কাছাৰ হিন্দুস্তান পেপাৰ মিলক পুনৰ মুকলি কৰাৰ কাৰণে অসম চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান কৰে । অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ সৈতে কৰা মত বিনিময়ত মন্তব্য কৰে যে ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা দলে জনসাধাৰণক পেপাৰ মিল পুনৰ মুকলি কৰাৰ সন্দৰ্ভত আশ্বাস প্ৰদান কৰিছিল।

কিন্তু কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল যে পেপাৰ মিল সকলোৰে ভালৰ কাৰণে বন্ধ হৈ গৈছে ৷ মই জানিব বিছাৰো যে কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণা পিছত অসম চৰকাৰে কিয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । ইফালে, অসমৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ২০১৬ চনত কেন্দ্ৰীয় মন্ত্ৰী সকলৰ লগত সাক্ষাৎ কৰে । আৰু মন্ত্ৰী পাটোৱাৰীয়ে জনগণক আশ্বাস দিয়ে যে পেপাৰ মিল কেইটা পুনৰ মুকলি হ’ব কাৰণ কেন্দ্ৰই ইয়াৰ কাৰণে পুঁজি আৱন্টিত কৰিছে ৷ কিন্তু মন্ত্ৰী পাটোৱাৰীৰ এই আশ্বাস বাস্তৱত পৰিণত ন’হল ৷

ইয়াৰ পিছতে ২০১৮ চনৰ ২৭ ছেপ্তেম্বৰত অসম বিধানসভাত কেন্দ্ৰীয় চৰকাৰে পেপাৰ মিল মুকলি কৰিবৰ কাৰণে ১৯০০ কোটি টকাৰ পেকেজ মুকলি কৰাৰ কথা ঘোষণা কৰিছিল ৷ অসম চৰকাৰে পেপাৰ মিলক লৈ প্ৰায়ে আশ্বাস প্ৰদান কৰে জনগনক ৷কিন্তু জনতাক দিয়া আশ্বাসৰ পিছতো মিল কিয় বন্ধ হৈ আছে। গতিকে এই ক্ষেত্ৰত অপূৰ্ব ভট্টাচাৰ্যই কয় যে নগাঁও আৰু কাছাৰ হিন্দুস্তান পেপাৰ মিল পুনৰ মুকলি কৰাৰ কাৰণে লোৱা পদক্ষেপক স্পষ্টকৈ জনাব লাগে।

সম্প্ৰতি দুয়োটা পেপাৰ মিলৰ কৰ্মচাৰী সকলৰ অনিশ্চয়তা ক্ৰমে বৃদ্ধি পাইছে ৷এক বিশেষ সূত্ৰ মতে দিছপুৰত শাসনলৈ অহা পূৰ্বতে বিজেপি চৰকাৰে দুয়োটা পেপাৰ মিলৰ পুনৰোদ্ধাৰৰ কাৰণে যাৱতীয় কাম কৰিছিল ৷ কেন্দ্ৰৰ ১,৯৫০ কোটি টকাৰ পেকজৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় পিএমঅ’ৰ লগত যোগাযোগ কৰিছিল ৷ অৱশ্যে বিগত এবছৰে এই সন্দৰ্ভত কেন্দ্ৰৰ পৰা কোনো প্ৰতিক্ৰিয়া লাভ কৰা নাই । সম্ভৱত কেন্দ্ৰীয় চৰকাৰৰ মনোভাৱ যে, দুয়োটা পেপাৰ মিলৰ কাৰণে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰাটো নিৰৰ্থক।

অন্যহাতে ব্যক্তিগত ভাৱে যদি কোনো পক্ষই পেপাৰ মিলক অধিগ্ৰহণ কৰে ৷তেন্তে পেপাৰ মিলৰ কৰ্মচাৰীসকলৰ নিয়োগৰ সুৰক্ষা ল’বনে ? উল্লেখযোগ্য যে দিছপুৰৰ হেছাঁত কেন্দ্ৰই পেপাৰ মিলৰ কৰ্মচাৰীসকলৰ কাৰণে ৯০ কোটি ঘোষনা কৰিছে যদিও কৰ্মচাৰীসকলক এতিয়ালৈকে ধন লাভ কৰা নাই ৷ এইচপিচিৰ পেপাৰ মিলৰ ৰিভাইভেল কমিটীৰ মুখ্য সংযোজক মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে কয় যে প্ৰথমতে চৰকাৰে দুয়োটা পেপাৰ মিলক পুনৰোজ্জীৱিত কৰাৰ আশ্বাস দিয়ে ৷ৰাজ্যৰ উদ্দ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়েও দুয়োটা পেপাৰ মিলৰ কাৰণে পেকেজ দিয়াৰ কথা উল্লেখ কৰিছিল ৷ কিন্তু বাস্তৱত সেয়া সম্পূৰ্ণ হৈ নুঠিল ৷ গতিকে এই পেপাৰ মিলৰ কৰ্মচাৰী সকলৰ ভৱিষ্যতক লৈ চৰকাৰে কি সিদ্ধান্ত লয় সেয়া লক্ষ্যনীয় হ’ব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com